অসম

যোৰহাটত কৃত্ৰিম বানত জলবন্দী লোকৰ ঘাইপথ অৱৰোধ

প্ৰথম খবৰ, যোৰহাট: যোৰহাটত কৃত্ৰিম বানৰ ৰোধৰ প্ৰতিবাদত নামিল বানাক্ৰান্ত একাংশ লোক। বছৰি ভুগি অহা কৃত্ৰিম বানৰ ফলত অতিষ্ঠ হৈ আজি যোৰহাটৰ চেউনিআলিৰ সমীপত একাংশ লোকে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। উল্লেখ্য যে, সম্প্ৰতি হৈ থকা মুষলধাৰ বৰষুণৰ ফলত কেইবাদিনো ধৰি জলবন্দী হৈ পৰিছে জিলা খনৰ কেতবোৰ অঞ্চলৰ বহু পৰিয়াল। জিলা প্ৰশাসন তথা পৌৰসভাক বিভিন্ন সময়ত উক্ত অঞ্চলসমূহৰ নলা-নৰ্দমা সমূহ পৰিস্কাৰ কৰাৰ লগতে এই কৃত্ৰিম বানৰ সমস্যা স্থায়ী সমাধানৰ বাবে বাৰম্বাৰ জনাই অহাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিতত আজি যোৰহাটৰ চেউনিআলি, গোহাঁইটেকেলা গাঁৱৰ ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। জানিব পৰা মতে, কালি জিলা প্ৰশাসনৰ এক সজাঁতি দলৰ সৈতে যোৰহাট বিধান সভাৰ সমষ্টিৰ বিধায়ক তথা বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে যোৰহাটৰ কৃত্ৰিম বানাক্ৰান্ত লোকৰ পৰিস্থিতি বুজি লয়। আজিৰ এই বানাক্ৰান্ত লোকসকলৰ প্ৰতিবাদৰ পাছত জিলা প্ৰশাসন, পৌৰসভা, স্থানীয় বিধায়ক আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ ভূমিকা লক্ষ্যণীয় হ’ব।

Related Articles

Leave a Reply

Close