অসম

যোৰহাটৰ চন্দ্ৰ প্ৰভা চকু চিকিৎসালয়ক NABH ৰ স্বীকৃতি

প্ৰথম খবৰ, যোৰহাট: যোৰহাটৰ চন্দ্ৰপ্ৰভা চকু চিকিৎসালয়ত আজি এখনি সংবাদমেল অনুষ্ঠিত হৈ যায়। উল্লেখযোগ্য যে, চিকিৎসালয় খনৰ কৰ্তৃপক্ষই তথা ডা: নাৰায়ণ বৰদলৈয়ে জনোৱা মতে এই চন্দ্ৰ প্ৰভা চকু চিকিৎসালয় খনক NABH অৰ্থাৎ National Accreditation Board for Health Care Organisation এ স্বীকৃতি প্ৰদান কৰে। এই অনুষ্ঠান ভাৰত চৰকাৰৰ অধীনৰ এটা সংস্থা। এই সংস্থাটোৱে ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বা বেচৰকাৰী চিকিৎসালয় সমূহৰ মান নিৰূপন কৰি এই স্বীকৃতি প্ৰদান কৰে। জানিব পৰা মতে এই স্বীকৃতি প্ৰদান কৰাৰ ফলত চিকিৎসালয়খনৰ কৰ্মচাৰীসকলৰ লগতে ৰোগীও সমানে উপকৃত হ’ব। এই NABH ৰ নিৰ্দিষ্ট চৰ্ত আৰু নিয়মাৱলীৰ পৰ্য্যালোচনা কৰি এই সংস্থাই চিকিৎসালয় খনক স্বীকৃতি প্ৰদান কৰিছে। উল্লেখযোগ্য যে NABHৰ স্বীকৃতি লাভ কৰা চন্দ্ৰ প্ৰভা চকু চিকিৎসালয়খন উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম খন চিকিৎসালয় আৰু সকলো ধৰণৰ চিকিৎসালয়ৰ ক্ষেত্ৰত অসমৰ ভিতৰত তৃতীয় চিকিৎসালয় হিচাপে স্বীকৃতি দিছে তিনি বছৰৰ বাবে। ডেৰ বছৰৰ পাছত NABH এ পুনৰ নিৰীক্ষণ কৰিব। যাৰ বাবে চিকিৎসালয়খনত ৰোগীসকলৰ বাবে সকলো সময়তে উন্নত মানৰ চিকিৎসাৰ লগতে ৰোগীৰ সুৰক্ষা, সন্মান- মৰ্য্যদা, প্ৰশিক্ষণ প্ৰাপ্ত চিকিৎসকৰ দ্বাৰা চিকিৎসা প্ৰদান, চিকিৎসা সম্পৰ্কীয় খৰচৰ নথি-পত্ৰ লুক-ঢাক নকৰি ৰোগীৰ খৰচৰ বিষয়ে আগতীয়াকৈ জনোৱা, এনে ধৰণৰ কিছুমান সুবিধা ৰোগী সকলে লাভ কৰিব। কৰ্তৃপক্ষই জনোৱা মতে NABH ৰ মানদণ্ডৰ সমকক্ষ হ’বৰ বাবে চন্দ্ৰ প্ৰভা চকু চিকিৎসালয় খনত তিনিটা অস্ত্ৰোপচাৰ কক্ষত আন্ত:গাঠনি সম্পূৰ্ণৰূপে সলনি কৰি এয়াৰ হেণ্ডলিং চিষ্টেম, হেপা ফিল্টাৰ ইত্যাদি বহুৱাই লোৱা হৈছে। আটাইতকৈ তাৎপৰ্যপূৰ্ণ বিষয় যে অসমৰ চিকিৎসকসকলে উন্নতমানৰ প্ৰশিক্ষণৰ বাবে অসমৰ বাহিৰলৈ যাব লাগে কিন্তু চন্দ্ৰ প্ৰভা চকু চিকিৎসালয়ত প্ৰশিক্ষণ ল’বৰ বাবে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা বৰ্তমানলৈকে ১০৭ জন চিকিৎসকে প্ৰশিক্ষণ লৈ উপকৃত হৈছে। সংবাদমেলত বিশিষ্ট চিকিৎসক ডা: নাৰায়ণ বৰদলৈয়ে জনোৱা মতে সমগ্র ভাৰতৰ ভিতৰত দ্ৰপ লেচ কেটেৰেক্ট অস্ত্ৰোপচাৰ কেৱলমাত্ৰ যোৰহাটৰ চন্দ্ৰ প্ৰভা চকু চিকিৎসালয়তহে বৰ্তমান সম্ভৱ বুলি জানিব দিয়ে।

Related Articles

Leave a Reply

Close