অসমশীৰ্ষ

যৌতুকৰ বাবে লংকাত বোৱাৰীক হত্যা, স্বামী-শাহুক গ্ৰেপ্তাৰ

প্ৰথম খবৰ,লংকা: ৰাজ্যত দিনক দিনে বৃদ্ধি পাব ধৰিছে নাৰী নিৰ্যাতনৰ ঘটনা। বিভিন্ন সময়ত অকথ্য শাৰিৰীক তথা মানসিক নিৰ্যাতনৰ বলি হ’ব লগা হৈছে একাংশ মহিলা। কেতিয়াবা যদি পথত অকলশৰীয়া নাৰীৰ ওপৰত এচাম পশু ৰূপী নৰপিশাচে সংঘটিত কৰিছে জঘন্য কাণ্ড, আন কেতিয়াবা আকৌ যৌতুকৰ বলি হৈ অকাল মৃত্যুক সাৱতি ল’ব লগা হৈছে মহিলাই।

তেনে এক স্বামী গৃহত যৌতুকৰ বলি হৈ মৃত্যুক সাৱতি লোৱা, চাঞ্চল্যকৰ ঘটনাই কঁপাই গ’ল লংকাৰ দক্ষিণ কান্দুৰা অঞ্চল। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, লংকাৰ দক্ষিণ কান্দুৰাৰ অৰ্জুন দাস নামৰ লোকজনে পূব ভালুকমাৰীৰ ৰূপালী দাসৰ লগত ৬ বছৰ আগতেই বিবাহ পাশত আৱদ্ধ হৈছিল। কিন্তু অভিযোগ অনুসৰি বিবাহৰ দিন পাৰ হোৱা পাছৰ পৰাই স্বামী অৰ্জুন দাস আৰু শাহুয়েক মিনতি দাসে ঘৰুৱা নানান কথাত অজুহাত দেখুৱাই যৌতুক বিচাৰি নানান শাৰিৰীক তথা মানসিকভাৱে হাৰাশাস্তি দি আহিছিল ৰূপালী দাসক। যোৱা সোমবাৰে ৰূপালীৰ ওপৰত কৰা অত্যাচাৰৰ সীমা চেৰাই গ’ল। শাহুয়েক মিনতি দাস আৰু নিজ স্বামীয়ে খাদ্যৰ লগত কৌশলৰে শস্যত দিয়া কীটনাশক দ্ৰব্য মিহলাই খুৱাই দিছিল ৰূপালীক।

পিছ মুহূৰ্ততে ৰূপালী অচেতন হৈ পৰাত পূব ভালুকমাৰীৰ মাকৰ ঘৰৰ পৰিয়ালে উক্ত কথাটো গম পাই ততাতয়াকৈ ৰূপালীক হোজাই হাম হাস্পাতাললৈ লৈ যায় যদিও পিছত উন্নত চিকিৎসাৰ বাবে চিকিৎসকে গুৱাহাটীলৈ প্ৰেৰণ কৰে। কিন্তু ৰূপালীয়ে চিকিৎসাধীন অৱস্থাতে মৃত্যুক আকোৱালী লয়।

পিছত ৰূপালীৰ পৰিয়ালে শুক্ৰবাৰে শংকৰদেৱ নগৰৰ আৰক্ষী চকীত অৰ্জুন দাস আৰু মিনতি দাসৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত শংকৰদেৱ নগৰৰ আৰক্ষীয়ে দুয়োজনকে আটক কৰে আৰু বৰ্তমান আটকাধীন দুয়োজন লংকা আৰক্ষীৰ জিন্মাত আছে।

Related Articles

Leave a Reply

Close