অসম
লক্ষীপুৰ স্বাস্থ্যকেন্দ্ৰ পৰিদৰ্শন জিলা উপায়ুক্তৰ

প্ৰথম খবৰ,লক্ষীপুৰ: গোৱালপাৰা জিলাৰ উপায়ুক্ত ঘনশ্যাম দাস আজি লক্ষীপুৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত উপস্থিত হয়। স্বাস্থ্যকেন্দ্ৰটোত উপস্থিত হৈ বিভিন্ন দিশ পৰিদৰ্শন কৰে। বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটো হ’ল লক্ষীপুৰ। জনসংখ্যা অনুপাতে স্বাস্থ্যকেন্দ্ৰটোত পৰ্যাপ্ত চিকিৎসক নাই। তাৰো মাজতে তিনি গৰাকী চিকিৎসকক অইন ঠাইলৈ বিভাগে সংযোগ কৰি ৰখাত বহু ৰোগী চিকিৎসালয়ৰ পৰা উভতি যাব লগীয়াও হয় বুলি ৰাইজে অভিযোগ উত্থাপিত কৰে। আনকি প্ৰায় ৮ বছৰেও এফ আৰ ইউ বিভাগ এটাৰ নিৰ্মান কৰিছে যদিও অদ্যপি মুকলি নকৰাত দৰিদ্ৰ ৰোগীয়ে গোৱালপাৰাত গৈয়ে চিকিৎসা লব লগীয়া হৈছে। বিভাগটো মুকলি কৰাৰ লগতে স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ আৰু শিশু ৰোগ বিশেষজ্ঞৰ অতিকৈ প্ৰয়োজন বুলি ৰাইজে উপায়ুক্ত গৰাকীক দাবী জনায়। এই ক্ষেত্ৰত উপায়ুক্তই কি ব্যৱস্থা লয় সেয়া লক্ষণীয় বিষয় হৈ পৰিছে।