অসম

লামডিংকাণ্ডৰ তদন্ত আৰম্ভ আৰক্ষীৰ

প্ৰথম খবৰ, লামডিং: কালি নিশা লামডিং বুদ্ধ মন্দিৰত  চাৰিজন ভিক্ষুক জুছৰ লগত বিষ খুৱাই অচেতন কৰাৰ ঘটনা সম্পৰ্কে লামডিং আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ঘটনাৰ অনুসৰি কালি এটা দুৰ্বৃত্তই লামডিং বুদ্ধ মন্দিৰত প্ৰৱেশ কৰি পূজা অৰ্চনাৰ নামত দুই বটল ফ্ৰুটী পানীয় মন্দিৰৰ ভিতৰত থকা চাৰিজনক খাবলৈ দিয়ে। তাৰ পিছত চাৰিওজন ভিক্ষু অচেতন হৈ পৰে।

অতি সংকটজনক অৱস্থাত নিশাই লামডিং ৰে’লৱে হাস্পাতালত ভৰ্তি কৰোৱা হয় দুয়োকে। ইয়াৰে দুজনক হোজাইলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়। বৰ্তমানেও ভিক্ষু মহানাম আৰু প্ৰয়োগ জাতি হোজাইত চিকিৎসা হৈ আছে। লামডিং আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমান লৈকে দোষীক আটক কৰিব পৰা নাই।

Related Articles

Leave a Reply

Close