অসম

লাহৰীঘাটত জলসম্পদ বিভাগ দিনে-নিশাই ব্যস্ত ৰিং বান্ধ নিৰ্মাণৰ কামত

প্ৰথম খবৰ,মৰিগাৱ/লাহৰীঘাট: প্ৰলয়ংকাৰী বানত মৰিগাঁৱ কাঠনিৰ দহ কোটি টকাৰ মঠাউৰিটো নিচিহ্নি হৈ যোৱা পাছত মঠাউৰিটোয়ে দি সোমাই অহা ব্ৰহ্মপুত্ৰৰ পানীক ভেটা দিয়াৰ বাবে জলসম্পদ বিভাগে কাষতে নিৰ্মাণ কৰিছে বৃহত ৰিং বান্ধ । উন্মুক্ত এলেকা বাঁহৰ গোজ পুটি বালিৰ বস্তা পেলাই দিনে নিশাই বান্ধৰ কামত লাগি পৰিছে বিভাগটোৱে । উল্লেখযোগ্য যে বিভাগীয় মন্ত্ৰী কেশৱ মহন্তৰ দম্ভালিক নস্যাৎ কৰি ব্ৰহ্মপুত্ৰৰ সোঁতে মঠাউৰিটোৰ বৃহৎ অংশ উটুৱাই নিছিল কিছুদিন আগতে। যাৰ বাবে এতিয়া দেখা গৈছে যুদ্ধকালীন তৎপৰতা বিভাগ টোৰ । প্ৰায় পাঁচ শতাধিক শ্ৰমিকে বিভাগীয় বিষয়াৰ উপস্থিতি নিৰ্মাণ কৰি থকা বান্ধটোয়ে পানী ভেটিবলৈ সক্ষম হৈছে যদিও ব্ৰহ্মপুত্ৰ জলপৃষ্ঠতকৈ উচ্চতা বৃদ্ধি কৰিবলৈ আৰু চাৰি পাঁচ দিন সময়ৰ প্ৰয়োজন হব বুলি প্ৰকাশ কৰে বিভাগটোৰ অভিযন্তাই।লগতে মৰিগাঁৱ জিলা উপায়ুক্ত হেমেন দাসে প্ৰত্যেক নিশাই গৈ বান্ধৰ কাম প্ৰত্যক্ষ কৰি আহিছে ।

Related Articles

Leave a Reply

Close