অসম

শিমলুগুৰিত ছাত্ৰ মুক্তিৰ সমিতি গঠন

প্ৰথম খবৰ,শিমলুগুৰি: আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলাৰ অন্তৰ্গত শিমলুগুৰি আঞ্চলিক সমিতিখন শিমলুগুৰি অঞ্চলৰ ৯২৫ নং টিপমীয়া প্ৰাথমিক বিদ্যালয়ত গঠন কৰা হয়। সভাত বিকাশ ফুকনক সভাপতি, লক্ষী শইকীয়াক সাধাৰণ সম্পাদক হিচাপে লৈ ২৫ জনীয়া আঞ্চলিক সমিতিখন গঠন কৰা হয়। উক্ত সভাত উপস্থিত আছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক তথা গণ মুক্তি সংগ্রাম, অসমৰ আহ্বায়ক লুচন শ্যাম গোঁহাই আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলাৰ সভাপতি ৰিতুমণি হাজৰিকা, যুটীয়া সাধাৰণ সম্পাদক ৰাজু চেতিয়া ফুকন, কাৰ্য্যকৰী সভাপতি চিন্টু বড়া, সহকাৰী সাধাৰণ সম্পাদক আছিফ ইছলাম উপস্থিত থাকি ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ বিষয়ে বিতংভাৱে নতুন সমিতখনক আগত প্ৰকাশ কৰে।

Related Articles

Leave a Reply

Close