অসম

শিমলুগুৰিত ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট

প্ৰথম খবৰ, শিমলুগুৰি: অ.এন.জি.চি অসম সম্পদত থলুৱা নিবনুৱাক প্ৰৱঞ্চনা তথা অ.এন.জি.চি কৰ্তৃপক্ষৰ অসমীয়া বিৰোধী বিৰুদ্ধে সদৌ টাই আহোম ছাত্ৰ সন্থা(আটাছু)ৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আজি পুৱা দহ বজাৰ পৰা সম্পদৰ নাজিৰাস্থিত কাৰ্যালয়ৰ মূল প্ৰৱেশদ্বাৰত এক ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে। তদুপলক্ষে, অ.এন.জি.চি কৰ্তৃপক্ষৰ থলুৱা বিৰোধী নীতি তথা বঞ্চনা-প্ৰতাৰণাৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদ জনোৱাৰ উদ্দেশ্যে শিৱসাগৰ জিলা সমিতিয়ে আহ্বান জনোৱা এই কাৰ্যসূচীলৈ সংগঠনটোৰ শতাধিক সদস্যই অংশ গ্ৰহণ কৰা দেখা যায়।

Related Articles

Leave a Reply

Close