অসম

শিলচৰত গুলী সহ বিদেশত নিৰ্মিত পিষ্টল উদ্ধাৰ

প্ৰথম খবৰ, শিলচৰ: গোপন তথ্যৰ ভিত্তিত অভিযান চলাই শিলচৰ আৰক্ষীয়ে আজি শিলচৰ কনকপুৰ প্ৰথম খণ্ডৰ পৰা এটি বিদেশত নিৰ্মিত পিষ্টল উদ্ধাৰ কৰে ৷ সুমন বৰলস্কৰ নামৰ লোক জনৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে আমেৰিকাত নিৰ্মিত পিষ্টলটোৰ সৈতে দুটা 7.65 mm সক্ৰিয় কাৰ্টিজো উদ্ধাৰ কৰে ৷ সম্প্ৰতি সুমন বৰলস্কৰ পলাতক ৷ কি কাৰণত সুমনে অবৈধ ভাবে মাৰণাস্ৰ নিজৰ ঘৰত ৰাখিছিল সেয়া এতিয়াও ৰহস্যজনক ৷ তদন্তৰ স্বাৰ্থত আৰক্ষীয়ে কোনো তথ্য সদৰী কৰাৰ পৰা বিৰত আছে।

Related Articles

Leave a Reply

Close