অসম

শিৱসাগৰত পুতিগন্ধময় পৰিৱেশ: ঘোৰ নিদ্ৰাত পৌৰসভা

প্ৰথম খবৰ,শিৱসাগৰ: বিভীষিকাময় বানৰ সময়তে শিৱসাগৰ পৌৰ কৰ্মীৰ কৰ্ম বিৰতিয়ে সমগ্ৰ চহৰখন নৰকসদৃশ পুতিগন্ধময় পৰিৱেশৰ সৃষ্টি কৰিছে। পৌৰকৰ্মীৰ অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ ফলত শিৱসাগৰ চহৰত সম্প্ৰতি অবৰ্ণনীয় জীৱন যাপন কৰিব লগিয়াত পৰিছে চহৰখনৰ নাগৰিকে । আজি চাৰিদিন ধৰি পৌৰকৰ্মীৰ ধৰ্মঘটৰ ফলত চহৰ খনৰ আলিয়ে গলিয়ে দ’মে দ’মে আবৰ্জনা ৷ যাৰ ফলত এতিয়া নগৰখনত দূৰ্গন্ধময় পৰিবেশ । নগৰখনৰ দ’লমূখ চাৰিআলি, কেন্দ্ৰীয় বজাৰ, আমোলাপট্টী, বাবুপট্টী, মাৰোৱাৰীপট্টী, এ টি ৰোড, কেপি চাৰিআলি, বৰ্ডিং ৰোড আদি অঞ্চল সমুহৰ পথৰ কাষত আজি চাৰিদিনে জমা হোৱা জাবৰৰ দ’মে নগৰখনৰ এক কদৰ্যময় পৰিবেশে বিৰাজ কৰিছে । আজি এঘাৰ মাহে দৰমহা নোপোৱা পৌৰকৰ্মচাৰী সকলে আৰম্ভ কৰা অনিৰ্দিষ্টকালীন ধৰ্মঘট । উল্লেখ্য যে চাফাই কৰ্মী সকলৰ পৰা আৰম্ভ কৰি পৌৰসভাৰ কাৰ্য্যায়ৰ কৰ্মচাৰীলৈকে এই ধৰ্মঘটত অংশগ্ৰহণ কৰিছে। আনহাতে কৃত্ৰিম বানপানীৰ ফলত নগৰখনৰ কেওটা ওৱাৰ্ডতে খোৱা পানীকে ধৰি যাতায়তৰ ক্ষেত্রত জীয়াতু ভূগিব লগাত পৰিছে । বিশুদ্ধ খোৱা পানীৰ বাবে তীব্ৰ সমস্যাৰ সন্মুখীন হোৱাৰ পাছতো পৌৰসভাই জনসাধানক খোৱাপানী যোগান নধৰা বিষয়টোৱে তাৎপৰ্য বহন কৰিছে । বৰ্তমান শিৱসাগৰ চহৰখন এক অৰাজকতাই বিৰাজ কৰি ৰসহ্যকতাৰ দিশ উন্মোচন কৰিছে ।

Related Articles

Leave a Reply

Close