অসম

শিৱসাগৰ জিলাৰ বান পৰিস্থিতি আংশিকভাৱে উন্নত

প্ৰথম খবৰ, শিৱসাগৰ : শিৱসাগৰ জিলাৰ বান পৰিস্থিতি সম্প্ৰতি আংশীক উন্নত হোৱা পৰিলক্ষিত হৈছে । জিলাখনেৰে বৈ যোৱা নৈ উপ নৈ সমুহৰ পানী কমিবলৈ ধৰাত বানৰ জটিলতা কমিবলৈ ধৰিছে যদিওঁ জিলাখনত একাংশ লোকে বৰ্তমানেওঁ শিবিৰৰ পৰা নিজৰ ঘৰলৈ যাবপৰা হোৱা নাই । জিলাখনৰ শিৱসাগৰ, আমগুৰি, ডিমৌ ৰাজহ চক্ৰৰ বহু কেইখন গাৱৰ বহু পৰিয়ালক চৰকাৰীভাৱে খোৱাৰ সামগ্ৰী যোগান ধৰি থকা হৈছে ।এই সময়ছোৱাত যাতে খাদ্য সামগ্ৰীকে ধৰি সকলো সামগ্ৰী মজুত থাকে তাৰপ্ৰতি গুৰুত্ব দিয়াৰ উপৰিও কোনো ব্যৱসায়ীয়ে জিলাখনত কোনো সামগ্ৰীৰ কৃত্ৰিম নাটনি কৰি মূল্য বৃদ্ধি কৰিব নোৱাৰে তাৰপ্ৰতিওঁ জিলা প্ৰশাসনে চোকা নজৰ ৰাখিছে । শিৱসাগৰ জিলাত বানত মৃত্যু হোৱা ৬জন লোকৰ ভিতৰত পাঁচজনৰ পৰিয়ালক ক্ষতিপুৰণ হিচাপে প্ৰতিটো পৰিয়াললৈ চাৰিলাখকৈ এককালিন সাহায্য দিয়াৰ ব্যৱস্থা ইতিমধ্যে কৰি আজি জিলাখনৰ নাজিৰ ৰাজহ চক্ৰৰ অন্তগত মাদুৰী গোঁহাই গাঁও নিবাসী ৰাজেন মাৰাৰ পৰিয়ালক চাৰিলাখ টকাৰ চেক প্ৰদান কৰে । তদুপৰি জিলাখনৰ ২২ খন গাৱৰ বাবে ১০ টা সাহায্য শিবিৰ স্থাপন কৰি জিলা প্ৰশাসনৰ তৰফৰ পৰা বানপীড়িত সকললৈ পয্যাপ্ত পৰিমানে খাদ্য সামগ্ৰী বিতৰণ ব্যৱস্থা কৰিছে । জিলাখনত আজিৰ দিনটোত প্ৰশাসনৰতৰফে ৫২ কুইণ্টল ৯৯ কিলো চাউল , ৯ কুইণ্টল ৫২ কিলো দাইল , ২ কুইণ্টল ৮৩ কিলো নিমখ বিতৰণ কৰে ।

Related Articles

Leave a Reply

Close