অসম

শিৱসাগৰ সদৰত আৱকাৰী অভিযান অব্যাহত : ৫৬ টা গোচৰ, ৪৪ জনক গ্ৰেপ্তাৰ 

প্ৰথম খবৰ, শিৱসাগৰ: শিৱসাগৰ সদৰ আৱকাৰী বিভাগে আৱকাৰী অভিযান তীব্ৰতৰ কৰি তুলিছে। চলিত মাহত এতিয়া লৈকে শিৱসাগৰ নগৰৰ বিভিন্ন ঠাইৰ লগতে কাষৰীয়া অঞ্চলসমূহত অৰ্থাৎ জয়সাগৰ আৰক্ষী চকীৰ এলেকা, ডিমৌ – নিতাই পুখুৰী, হাহঁচৰা, ভটিয়াপাৰ, দৰিকাপাৰ, বেতবাৰী, আখৈফুটিয়া, মেটেকা আদিত সঘনাই অভিযান চলাই সম্প্ৰতি ১০ টা আৱকাৰী আৰু ৩ টা আৰু আৰক্ষী বাহিনীৰ দলে অভিযান চলাই ৫৬ টা গোচৰ ৰুজু কৰি ৪৪ জন আছামীক গ্ৰেপ্তাৰ কৰি অসম আৱকাৰী আইন ২০০০ ৰ বিভিন্ন ধাৰাত পঞ্জীয়ন কৰা হয়। এই অভিযানসমূহৰ পৰা ৩১০ লিটাৰ চুলাই মদৰ সৈতে ৫ টা চুলাই প্ৰস্তুত কৰা সঁজুলি, ২৫.৭৮০ লিটাৰ বিলাতী মদ, ২৬.১০০ লিটাৰ বিয়েৰ, ২৬০ লিটাৰ লাওপানী আৰু ২৩০.৫০০ দেশীয় মহলৰ মদ জব্দ কৰে। চলিত মাহত এতিয়া লৈকে ৯৩ টা গোচৰ আদালতলৈ বিচাৰৰ প্ৰেৰণ কৰা হয়। সম্প্ৰতি এতিয়াও যিসমূহ অঞ্চলত অবৈধ মদৰ ব্যৱসায় চলাই আছে সেই সমূহ অঞ্চল বিভাগে চিনাক্ত কৰাৰ লগতে উক্ত অঞ্চল সমুহত শীঘ্ৰে অভিযান চলাব বুলি শিৱসাগৰ সদৰ আৱকাৰী পৰিদৰ্শক আশুতোষ বৰুৱাই জানিবলৈ দিছে।

Related Articles

Leave a Reply

Close