অসম

সকলোকে কন্দুৱাই হঠাৎ মেলানি মাগিলে কবি, চিত্ৰশিল্পী কিৰণজ্যোতি : উদং হ’ল ফিল’বাৰী

প্ৰথম খবৰ,ফিল’বাৰী: একেধাৰে কবি, চিত্ৰশিল্পী, সাংবাদিক ফিল’বাৰীৰ দুৰ্দান্ত সবল হাঁহিমুখিয়া কিৰণজ্যোতি হাজৰিকা আৰু নাই । এই বাতৰিয়ে সকলোকে কন্দুৱাই গ’ল । এতিয়া সমগ্র ফিল’বাৰীবাসী মৰ্মাহত। কালি ব্ৰহ্মপুত্ৰ মেইল ৰেল যোগে তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ ছবি অঁকা কামত আহি থকা অৱস্থাত শুই থকা অৱস্থাত হঠাৎ ঢলি পৰে কিৰণ । লগে লগেই ৰেলেৱে পুলিচৰ সহায়ত যাত্ৰীসকলে মেডিকেললৈ নি ভৰ্তী কৰোৱাই কৰোৱাই যদিও চিকিৎসকে বুলি ঘোষণা কৰে। উল্লেখ্য যে, কিৰণ আছিল আপকু সাংবাদিক সংগঠনৰ এজন সদস্যৰ লগতে ফিল’বাৰী সাংবাদিক চৰা’ৰ যুটীয়া সম্পাদক আৰু চিত্ৰম কলা কেন্দ্ৰৰ শিক্ষক।
তেওঁৰ মৃত্যুত সমগ্র জিলাতে শোকৰ ছাঁ পৰিছে । শেহতীয়াকৈ কিৰণে সমগ্র অসমৰ বিভিন্ন ঠাইতে বাটৰ কেনভাচ আকি সমাদৰ লাভ কৰিছিল। এতিয়াও এই বাতৰি কোনেও সহজে লব পৰা নাই ৷ বৰ্তমান নগাঁও জিলাৰ চাপৰ মূখ ৰেল ষ্টেচনত মৃতদেহটো পৰি আছে । মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত ফিলবাৰীলৈ লৈ অনা হ’ব বুলি জানিব পৰা গৈছে ৷

Related Articles

Leave a Reply

Close