অসম

সজাগতা সভাৰে দুলুং সংৰক্ষিত বনাঞ্চলত সপ্তাহজোৰা কাৰ্যসূচীৰে ৬৮ তম বন মহোৎসৱৰ আৰম্ভণি

প্ৰথম খবৰ,বগীনদী: আজিৰেপৰা আৰম্ভ হোৱা ৬৮ তম বন মহোৎসৱ উপলক্ষত, লখিমপুৰ জিলা বন সংমণ্ডলৰ অধীনৰ দুলুং সংৰক্ষিত বনাঞ্চলত সপ্তাহজোৰা কাৰ্যসূচীৰে বন মহোৎসৱৰ শুভাৰম্ভ কৰা হয়। প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে স্থানীয় বকুলবাৰী প্ৰাথমিক বিদ্যালয়ত এখনি সজাগতা সভা অনুষ্ঠিত হয়। পথালি পাম খণ্ড বন সংমণ্ডলৰ বন বিষয়া জয় কুমাৰ দেউৰীৰ নেতৃত্বত অনুষ্ঠিত আজিৰ সজাগতা সভাখনত সভাপতিত্ব কৰে ৰূপহী ৰাজগড় প্ৰাঃ বিদ্যালয়ৰ প্ৰধান শিক্ষক ‘বিপিন মুদৈয়ে। সজাগতা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সহকাৰী বন সংৰক্ষক নৃপেন্দ্ৰ নাথ দাসে। সভাখনত বিশিষ্ট অতিথি ৰূপে জিলা উপায়ুক্ত বৰুন ভূঞা, নিমন্ত্ৰিত অতিথি ৰূপে জিলা আৰক্ষী অধীক্ষক’ সুধাকৰ সিং, লখিমপুৰ জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱা আদি কৰি আন কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। নিৰ্দিষ্ট বক্তা কণানদী এম ই স্কুলৰ শিক্ষক বকুল শৰ্মাই উপস্থিত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত বন সংৰক্ষণৰ বিষয়ত বক্তব্য দাঙি ধৰে। এই সজাগতা সভাত জিলা উপায়ুক্ত, জিলা বন বিষয়া ডাঃ বসন্তম বি, আঞ্চলিক বনবিষয়া অমূল্য কোঁচে ছাত্ৰ ছাত্ৰী সকলৰ মাজত আমলখি, জলফাই, লেটেকু আদি ফলৰ গছপুলি বিতৰন কৰাৰ লগতে অঞ্চলখনৰ দাঁতিকাষৰীয়া বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷

Related Articles

Leave a Reply

Close