অসম

সাপটগ্ৰামত প্ৰেৰণা নামৰ স্বেচ্ছাসেৱী সংস্থা গঠন

প্ৰথম খবৰ, সাপটগ্ৰাম: শিক্ষা সাহিত্য সংস্কৃতি আৰু পৰিৱেশৰ ওপৰত সাপটগ্ৰাম অঞ্চলত কালি সন্ধিয়া প্ৰেৰণা মঞ্চ নামৰ এটা স্বেচ্ছাসেৱী সংস্থা গঠন কৰা হয়। সমাজকৰ্মী ফজিলা খাতুন চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত এই সংস্থাটো গঠন কৰা হয়। সভাত অঞ্চলটোৰ অন্যতম সমাজ কৰ্মী ফজিলা খাতুন চৌধুৰীক সভাপতি, মহিবুল হক চৌধুৰী, প্ৰদ্যুৎ কুমাৰ চক্ৰৱৰ্তী, জয়ন্ত কুমাৰ ৰায়ক উপ সভাপতি, সাংবাদিক ছত্ৰপতি গোস্বামীক সম্পাদক, আব্দুল খালেক, নিৰ্মল দাসক সহ সম্পাদক আৰু হাকিম উদ্দিন আকন্দক কোষাধ্যক্ষ হিচাৱে লৈ ৩২ জনীয়া সংস্থা কমিটিখন গঠন কৰা হয়।

Related Articles

Leave a Reply

Close