অসমশীৰ্ষ

হিমন্তৰ স্বাস্থ্য বিভাগত অথন্তৰ : ডিমৌৰ নিতাইপুখুৰীত পথাৰৰ মাজত দ’মে দ’মে উদ্ধাৰ চৰকাৰী ঔষধ

প্ৰথম খবৰ, ডিমৌ: ডিমৌত সমীপৰ নিতাইপুখুৰীৰ নাওজানত পথৰ কাষত এখন পথাৰৰ মাজত বুধবাৰে বিয়লি কেইবা কাৰ্টুন চৰকাৰী ঔষধ উদ্ধাৰ হোৱা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত। স্থানীয় লোকৰ মতে নাওজানৰ পথাৰখনত কোনো লোকে ম্যাদ উকলি নোযোৱা বহু পৰিমাণৰ বিভিন্ন ঔষধ সংগোপনে পেলাই থৈ যায়। বিয়লিৰ ভাগত স্থানীয় কেইজনমান কৃষকে পথাৰলৈ যাওঁতে উক্ত ঔষধসমূহ প্ৰত্যক্ষ কৰে আৰু লগে লগে বিষয়টো নিতাইপুখুৰী অঞ্চলটোত বিয়পি পৰে। যিটো সময়ত চৰকাৰী ঔষধ বিভিন্ন চিকিৎসালয়ত মজুত নথকাৰ ফলত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে তেনে সময়তে নিতাইপুখুৰী অঞ্চলৰ দৰে গ্ৰাম্যাঞ্চলত চৰকাৰী ঔষধ পথাৰৰ মাজত পেলাই দিয়া কাৰ্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। স্থানীয় একাংশ লোকে উক্ত ঔষধসমূহ কোনো দুৰ্বৃত্তই গোপনে চৰকাৰী চিকিৎসালয়ৰপৰা চুৰি কৰি আনি গ্ৰাম্যাঞ্চলত বিক্ৰী কৰাৰ অভিসন্ধি কৰিছিল বুলিও সন্দেহ প্ৰকাশ কৰিছে। কিন্তু এই ঔষধখিনি বিক্ৰী কৰিব নোৱাৰি জনচক্ষুৰ ভয়ত পথাৰৰ মাজতে পেলাই দিয়ে বুলিও ধাৰণা কৰা হৈছে । এতিয়া অসম চৰকাৰৰ স্বাস্থ্য বিভাগে নিতাইপুখুৰীৰ দৰে গ্ৰাম্যাঞ্চলত দ’মে দ’মে উদ্ধাৰ হোৱা চৰকাৰী ঔষধসমূহৰ ওপৰত বিভাগীয় ভাৱে তদন্ত কৰিলে উৰহি গছৰ ওৰ ওলাই পৰিব ।

Related Articles

Leave a Reply

Close