অসম

১৮ জুলাইত দেশজুৰি সুলভ মূল্যৰ দোকান বন্ধ, দিল্লীৰ ৰামলীলা ময়দানত গণ সমাৱেশ

প্ৰথম খবৰ, জাগুন: অল ইণ্ডিয়া ফেয়াৰ প্ৰাইচ ছপ ডিলাৰ্চ ফেডাৰেচনৰ আহ্বান মৰ্মে সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ সমৰ্থনত ১৮ জুলাইত ভাৰত ব্যাপি সুলভ মূল্যৰ দোকান বন্ধ। পুৱা ১১ বজাৰ পৰা ঐতিহাসিক বিশাল গণ সমাৱেশ অনুস্থিত হ’ব দিল্লীৰ ৰামলীলা ময়দানত।  এই লৈ আন্দোলন কৰিবৰ হেতু জাগুনকে আদি কৰি অসমৰ ভিন ভিন ঠাইৰ পৰা শ শ সুলভ মূল্যৰ দোকানী,  এজেন্ট আদি বিষয়ববীয়াসকল যোৱা কেইবাদিন ধৰি দিল্লীত বাহৰ পাতি আছে। আন্দোলনমুখী দলটোৱে উক্তদিনা সংসদ ভৱনলৈ পদযাত্ৰা কৰাৰ লগতে তেওঁলোকৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধান হোৱাৰ উদ্দেশ্যৰে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক এখন স্মাৰকপত্ৰ প্ৰদান কৰিব। সন্থাৰ দাবী আৰু শ্ল’গানসমূহ এনেধৰনৰ, দিল্লীলৈ যাওঁ বলক, জীৱিকা ৰক্ষা কৰক, সকলো ভৰতীয় নাগৰিকক ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনত অন্তৰ্ভূক্ত কৰা, নগদ ধন প্ৰদানৰ সিদ্ধান্ত বাতিল কৰি খাদ্য যোগান নিশ্চিত কৰক, সুলভ মূল্যৰ দোকানৰ পৰা ৫ কিলোগ্ৰামৰ ৰন্ধন গেছ যোগান ধৰাৰ ব্যৱস্থা কৰক, সকলো ভাৰতীয় নাগৰিকৰ বাবে চেনী আৰু কেৰাচিন তেল যোগান ধৰা,  বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী সুলভ মূল্যৰ দোকানৰ জৰিয়তে যোগান আৰু বিক্ৰীৰ অনুমতি প্ৰদান কৰা, ৰেছন কাৰ্ডৰ লগত আধাৰ কাৰ্ড সংযোগ বাধ্যতামূলক কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰক, সুলভ মূল্যৰ দোকানীৰ সামগ্ৰী বিক্ৰী কমিছন বৃদ্ধি কৰক আদি।

Related Articles

Leave a Reply

Close