অসম

ৰংজুলিত অবৈধ শিল কঢ়িওৱা ট্ৰেক্টৰ জব্দ

প্ৰথম খবৰ,ৰংজুলি: ৰংজুলি বনাঞ্চলত বন বিভাগৰ ধাৰাবাহিক অভিযান অব্যাহত । এইবাৰ চোৰাং কাঠ নহয়, জালত পৰিল অবৈধ শিল সহকাৰে শিল কঢ়িওৱা এখন ট্ৰেক্টৰ। মঙ্গল বাৰে নিশা ৰংজুলি বনাঞ্চলৰ অন্তৰ্গত গৰুছটকা পাহাৰৰ পৰা জব্দ কৰা হয় অবৈধ শিল সহ এখন ট্ৰেক্টৰ খন। ট্ৰেক্টৰ খনৰ ট্ৰেইলাৰত কঢ়িয়াই আনিছিল গৰুছটকা পাহাৰৰ অবৈধ শিল কুৱেৰীৰ শিল। ৰংজুলিৰ আঞ্চলিক বন বিষয়া বলেন দাসৰ নেতৃত্বত চলিছিল বন বিভাগৰ অভিযান । জব্দ হোৱা ট্ৰেক্টৰ খনৰ নাই কোনো পঞ্জীয়ন নম্বৰ । অভিযানকাৰী দলটো দেখিয়েই পলায়ন কৰে অবৈধ শিল ব্যৱসায়ী আৰু ট্ৰেক্টৰৰ চালক।

Related Articles

Leave a Reply

Close