অসম

ৰঙিয়াত ভয়াৱহ অগ্নিকাণ্ড

প্ৰথম খবৰ,ৰঙিয়া: ৰঙিয়া চহৰৰ ভূটান বাছ আস্থানৰ সমীপত আজি আবেলি ভয়ংকৰ অগ্নি কাণ্ড সংঘটিত হয় । এখন হোটেলৰ পৰা সংঘটিত হোৱা জুইয়ে মূহুৰ্তে সমগ্ৰ অঞ্চল গ্ৰাস কৰাত হোটেল খনৰ লগতে আন তিনিখনকৈ দোকান আৰু চাৰিটা গুডাম ঘৰ আৰু আবাস গৃহ সম্পুৰ্ণ ৰূপে ভস্মিভূত হয় । ঘটনা সংঘটিত হোৱাৰ লাগে লাগে অগ্নি নিৰ্বাপন বাহিনীক খবৰ দিয়াত কেইবাখনো গাড়ী আহি জুই নুমাবলৈ চেষ্টা কৰে যদিও ইতিমধ্যে উক্ত দোকান কেইখনৰ লগতে গুডাম ঘৰ কেইটা ভস্মিভূত হয় । জানিব পৰা মতে অগ্নি কাণ্ডটোৰ ফলত কমল বনীয়াৰ হোটেল, কিশোৰ বনীয়াৰ স্টেচনাৰী আৰু পান তামোলৰ দোকান, ধ্রুৱ কলিতাৰ স্টেচনাৰী আৰু পান তামোলৰ দোকান, নয়ন মহন্তৰ হাৰ্ডৱেৰ আৰু গুডাম ঘৰ, শংকৰ চাহৰ গৃহ আৰু বস্তাৰ দোকানৰ লগতে ৰামদল চাহৰ দুটা বস্তাৰ গুডাম ভস্মিভূত হয় । ধাৰণা কৰা মতে উক্ত অগ্নি কাণ্ডত প্ৰায় ৫০ লাখ টকাৰ ক্ষতি হয় ।

Related Articles

Leave a Reply

Close