অসম

ৰঙিয়াত হজ যাত্ৰীক সম্বৰ্ধনা মহকুমা প্ৰশাসনৰ

প্ৰথম খবৰ,ৰঙিয়া: ৰঙিয়া মহকুমা হজ সমিতিৰ উদ্যোগত হজ যাত্ৰী অভ্যৰ্থনা সমিতিৰ সহযোগত হজ যাত্ৰী সকলক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈ যায় । ৰঙিয়া আশ্ৰাফিয়া হাফিজিয়া মাদ্ৰাছা প্ৰাঙ্গনত আজি দিনৰ দুই বজাৰ পৰা অনুষ্ঠিত হয় সম্বৰ্ধনা অনুষ্ঠান । ৰঙিয়াৰ মহকুমাৰ মহকুমাধিপতি তথা মহকুমা হজ সমিতিৰ সভাপতি মুনিন্দ্ৰ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত ৰঙিয়াৰ ৪৬ গৰাকী হজ যাত্ৰীৰ ভিতৰত ৩০ জন পুৰুষ আৰু ১৬ গৰাকী মহিলাক হজৰ সমগ্ৰী ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় । আনহাতে অনুষ্ঠনটোত আছু কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাস উপস্থিত থাকি হজ যাত্ৰী সকলক সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা ফুলাম গামোচাৰে শুভেচ্ছা জনায় । অনুষ্ঠানটোত দাসে শুভেচ্ছা মুলক বক্তব্য ৰাখি অসমত বসবাস কৰা সকলোৰে বাবে হজ যাত্ৰী সকলক মক্কাত গৈ দোৱ কৰিবলৈ অনুৰোধ জনায়। আছু নেতাগৰাকীৰ লগতে অনুষ্ঠানটোত কামৰূপ জিলা পৰিষদৰ সভাপতি দেৱব্ৰত কলিতা, সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক মতিউৰ ৰহমান, ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক হেমন্ত দাস উপস্থিত থাকে । ৰঙিয়া মহকুমা হজ যাত্ৰী অভ্যৰ্থনা সমিতিৰ সভাপতি আব্দুল জব্বৰে আঁত ধৰা অনুষ্ঠানটোত জিলা পৰিষদৰ সভাপতি গৰাকীয়ে শুভেচ্ছা মুলক বক্তব্য ৰাখাৰ উপৰিও গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক গৰাকীয়ে বক্তব্য ৰাখে । গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক গৰাকীয়ে তেওঁৰ ভাষণৰ মাজেৰে ইছলামিক দেশ সমুহৰ সন্ত্ৰাসবাদৰ বিষয়ে উল্লেখ কৰে।

Related Articles

Leave a Reply

Close