অসম

ৰঙিয়া সদৰ বিট অফিচ স্থানান্তৰৰ ষড়যন্ত্ৰ, দালাল আৰু ঘোচখোৰ বিষয়াৰ

প্ৰথম খবৰ, নিউজ ব্যুৰ’: উত্তৰ কামৰূপ বন সংমণ্ডলৰ অধীনত থকা ৰঙিয়া সদৰ বিট অফিচটো ৰঙিয়াৰ পৰা স্থানান্তৰ যি গভীৰ ষড়যন্ত্ৰৰ আৰম্ভ কৰিছে তাৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ ৰঙিয়া মহকুমা ছাত্ৰ সন্থাই। সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত দাসে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে চিলা ৰেঞ্জৰ এজন ঘোচখোৰ বিষয়া জনৈক বৈশ্য উপাধি আৰু বনমন্ত্ৰীৰ ঘনিষ্ট বুলি অভিযোগ থকা বহিৰাগতা বনিয়া জনৈক লাল উপাধিৰ ব্যক্তি এজনে ব্যক্তিগত লাভৰ বাবে এই অফিচটো স্থানান্তৰ কৰাৰ বাবে উঠি পৰি লাগিছে বুলি বিশেষ সুত্ৰৰ পৰা গম পোৱা গৈছে। এই ক্ষেত্ৰত ছাত্ৰ সন্থাৰ স্পষ্ট মত ৰঙিয়াৰ আন্তঃগাঁথনিৰ প্ৰতি ভাবুকি আনি ৰঙিয়াবাসী ৰাইজক ভেঙুচালি কৰি যি গভীৰ ষড়যন্ত্ৰ কৰিবলৈ ওলাইছে তাক আমি কেতিয়াও সফল হ’ব নিদিও। ইয়াৰ পূৰ্বেও প্ৰায় ১০ বছৰ আগত এনেকুৱা অভিসন্ধি কৰিছিল যদিও ছাত্ৰ সন্থা আৰু ৰাইজৰ প্ৰতিবাদৰ ফলত কাৰ্যালয় স্থানান্তৰ কৰা ষড়যন্ৰ সফল হ’ব নোৱাৰিলে। এই ক্ষেত্ৰত বনমন্ত্ৰীগৰাকীৰ হস্তক্ষেপ বিছাৰিছে। কিহৰ ভিত্তিত ইয়াৰ পৰা সদৰ বিট অফিচ টো স্থানান্তৰ কৰাৰ ষড়যন্ত্ৰৰ কৰিছে তাক লৈও ছাত্ৰ সন্থাৰ সম্পাদক গৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে। ভৱিষ্যত দিনত এনেকুৱা অভিসন্ধিৰ পৰা আঁতৰি থাকিবলৈ দাবী জনাইছে। অন্যথা ভয়ংকৰ পৰিৱেশৰ মুখামুখি হ’ব লাগিব অসম চৰকাৰে।

Related Articles

Leave a Reply

Close