অসম

ৰাজ্যিক ভিত্তিত চুটুকান কাৰাটে প্ৰতিযোগিতা

প্ৰথম খবৰ, শিমলুগুৰি : কুংফু আৰু কিক বক্সিং সন্থাৰ উদ্যোগত আৰু একাডেমী অফ টেডিচেনল চুটুকান কাৰাটে ডু ইণ্ডিয়াৰ সহযোগত শিৱসাগৰ জিলাৰ শিমলুগুৰি নাট্য মন্দিৰত ২৯,৩০ জুলাই দুদিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক ভিত্তিত টেডিচনেল চুটুকান কাৰাটে ডু প্ৰতিযোগিতা ১৭ৰ আয়োজন কৰা হৈছে। ১৯৮৪ চনত গড়গাঁৱৰ ঐতিহাসিক কাৰেংঘৰত গঠন হোৱা কাৰেং ক্লাৱৰ বহু খেলুৱৈয়ে ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত বিভিন্ন স্তৰত সমৰ কলাৰ ক্ষেত্ৰত সু নাম কঢ়িয়াই আনিবলৈ সক্ষম হৈ আহিছে। আৰম্ভণীৰ পৰাই ইয়াৰ খেলুৱৈ সকলে স্বীকৃতিপ্ৰাপ্ত একাডেমীৰ সহযোগত এনেধৰণৰ প্ৰতিযোগিতা প্ৰতিবছৰে আয়োজন কৰি আহিছে। উক্ত প্ৰতিযোগিতাত সৰ্বভাৰতীয় চুটুকান কাৰাটেৰ সভাপতি মেক হেন্দ্ৰ নাথ নিচাদ উপস্থিত থাকিব বুলি আয়োজক সমিতিয়ে জনোৱাৰ লগতে সমূহ ক্ৰীড়াপ্ৰেমীৰ সহযোগিতা কামনা কৰিছে।

Related Articles

Leave a Reply

Close