অসম

ৰূপহীহাটত কলগছৰ ভুৰেৰে যাতায়াত

প্ৰথম খবৰ, ৰূপহীহাট: পৰিৱৰ্তনৰ শ্ল’গানেৰে ৰাজ্যৰ শাসনৰ গাদী দখল কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ পৰিৱৰ্তনে আজিও ঢুকি পোৱা নাই দীৰ্ঘদিনে অৱহেলীত হৈ অহা ৰূপহীহাট সমষ্টিৰ জিউমাৰী অঞ্চল। বিগত কেইবা বছৰ ধৰি বাঁহৰ দলেঙেৰে যাতায়াত কৰা জিউমাৰীবাসীৰ এতিয়া যাতায়াতৰ একমাত্র মাধ্যম হৈ পৰিছে কলগছৰ ভূৰ। ৰূপহীহাটৰ জিউমাৰীৰ সোণাই নৈৰ ওপৰতে থকা এই বাঁহৰ দলংখনৰেই বিগত দিনত যাতায়ত কৰি আহিছে চাৰি-পাঁচ খনকৈ গাৱঁৰ ৰাইজে। সোণাই নৈৰ কোবাল সোঁতে এই জৰাজীৰ্ণ বাহৰ দলংখন ছিগি পেলোৱাত এতিয়া যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে অঞ্চলটোৰ সাধাৰণ লোকৰ লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰী। দক্ষিণ জিউমাৰী হাইস্কুল, এম ই স্কুল, হাই মাদ্ৰাছা, প্ৰি ছিনিয়ৰ মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰীয়ে এতিয়া এনেদৰে কলগছৰ ভুৰেৰে অতি বিপদসংকুলভাৱে যাতায়ত কৰিবলগীয়া হৈছে। বিভিন্ন সময়ত ভুৰৰ পৰা পৰি বিদ্যালয়লৈ যোৱাৰ পৰাও বঞ্চিত হ’বলগীয়াও হয় বহু ছাত্ৰ ছাত্ৰী। উল্লেখ্য যে, নতুন চৰকাৰে বাট-পথৰ ওপৰত গুৰুত্ব দিয়া বুলি ডাক-ঢোল বজাইছে যদিও তাত কিমান সদিচ্ছা আছে সেয়া এনে অঞ্চলবিলাকলৈ লক্ষ্য কৰিলেই ওলায় পৰে। গড়কাপ্তানি বিভাগৰ বহু বল্কী মন্ত্ৰী গৰাকীয়ে সতীৰ্থ মন্ত্ৰীৰ সৈতে সংবাদ মাধ্যম যোগে বাদ-বিবাদত ব্যস্ত হৈ কামক পিঠি দিয়াৰ বাবেই এইদৰে যমৰ যাতনা ভুগিছে ৰাইজে।

Related Articles

Leave a Reply

Close