অসম

নলবাৰীৰ জৱাহৰ নবোদয় বিদ্যালয়ত ভয়ংকৰ বান

প্ৰথম খবৰ, নলবাৰী: নলবাৰী বানেকুছিস্থিত জৱাহৰ নবোদয় বিদ্যালয়ত ভয়ংকৰ বান পৰিস্থিতি। বিদ্যালয় চৌহদত এককালতকৈও বেছি পানী। SDRFজোৱানে ছাত্ৰ-ছাত্ৰী সকলক নাঁৱৰে উদ্ধাৰ কৰি পথালে নিজ নিজ ঘৰলৈ। নেৰা-নেপেৰা বৰষুণৰ পানীয়ে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে নলবাৰীত। জিলাখনৰ মূল চহৰ নলবাৰীৰ লগতে দাঁতি-কাষৰীয়া বিভিন্ন অঞ্চলটো ত্ৰাসৰ সৃষ্টি কৰিছে বানপানীয়ে। উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ উদ্যোগমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ গৃহ গাঁও বানেকুছিত থকা জৱাহৰ নবোদয় বিদ্যালয়ৰ চৌহদত পানী সোমাই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। এককালতকৈও অধিক পানী হোৱা বাবে হোষ্টেল সমূহৰ পৰা SDRF ৰ জোৱানে নাঁৱৰে উদ্ধাৰ কৰি ওখ ঠাইলৈ নিব লগা হৈছে। আনহাতে জাৰি জানৰ তীব্ৰ বেগী পানীৰ সোঁতে চৌহদৰ পকী বেৰ পৰ্যন্ত ভাঙি পেলাইছে। ইতিমধ্যে সকলো ছাত্ৰ -ছাত্ৰীকে উদ্ধাৰ কৰি নিজ নিজ ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছে বিদ্যালয় কৰ্তৃপক্ষ আৰু SDRF ৰ জোৱানে। এতিয়ালৈকে জিলা প্ৰশাসনৰ হস্তক্ষেপত অতি ক্ষীপ্ৰ গতিৰে ছাত্ৰ-ছাত্ৰী সকল উদ্ধাৰ কৰা হৈছে।

Related Articles

Leave a Reply

Close