
নেচনেল ডেস্ক, প্ৰথম খবৰ: বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে তিনিদিনীয়া ভ্ৰমণসূচী লৈ লক্ষ্ণৌত উপস্থিত হোৱাৰ সময়তে সমাজবাদী পাৰ্টীৰ তিনিজনকৈ বিধায়কে পদত্যাগ কৰাৰ কেন্দ্ৰ কৰি উত্তৰ প্ৰদেশৰ ৰাজনীতি গৰম হৈ পৰিছে। সমাজবাদী পাৰ্টীৰ ভিতৰ চ’ৰাৰ পৰিৱেশ প্ৰতিকূল হৈ পৰাৰ দোহাই দি তিনিজনকৈ বিধায়ক, বুক্কাল নৱাব, যশৱন্ত সিং আৰু মধুকৰ জেটলিয়ে ৰাজ্যখনৰ বিধান সভাৰ উচ্চ সদনৰ পৰা পদত্যাগ কৰিছে।
এই পদত্যাগৰ ঘটনাত ৰাজনীতিৰ গোন্ধ পাইছে সমাজবাদী পাৰ্টীৰ প্ৰধান অখিলেশ যাদৱে। পোনপটীয়াকৈ অখিলেশে অভিযোগৰ আঙুলি নিক্ষেপ কৰিছে ভাৰতীয় জনতা পাৰ্টীলৈ। বিহাৰৰ ঘটনাৰ পাছত উত্তৰ প্ৰদেশৰ ৰাজনীতিত বিজেপিয়ে মূৰ সুমুৱাবলৈ আৰম্ভ কৰিছে বুলি অখিলেশে দাবী কৰি কয় যে, উত্তৰ প্ৰদেশৰ ৰাইজে সকলো কথা লক্ষ্য কৰিছে।