অসমশীৰ্ষ

মিৰাকল পেইণ্টাৰ ৰবিন বৰে মুহিছে মুম্বাইবাসীক, ৱৰ্লিত বিশেষ প্ৰদৰ্শনী

প্ৰথম খবৰ, মুম্বাই: বিশিষ্ট চিত্ৰশিল্পী তথা মিৰাকল পেইণ্টাৰৰূপে খ্যাত আৰু স্পীড পেইণ্টিঙৰ বাবে তিনিবাৰকৈ গীনিজ বুক অব্ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান পোৱা গুৱাহাটীৰ চিত্ৰশিল্পী ৰবিন বৰৰ এখনি একক চিত্ৰ প্ৰদৰ্শনীৰে কালি মুম্বাইৰ ৱৰ্লিস্থিত বিখ্যাত নেহৰু আৰ্ট চেণ্টাৰত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত উদ্বোধন হৈ যায়।

অনুষ্ঠানাটি উদ্বোধন কৰে নেহৰু আৰ্ট চেণ্টাৰৰ সঞ্চালক প্ৰধান এছ কে কুলকাৰ্ণী তথা বিশিষ্ট শিল্পী পৃথ্বি ছ’নী, ৰামজী শৰ্মা আৰু কিশোৰ নাডাভেডকাৰে। উদ্বোধনী অনুঠানত শিল্পীগৰাকীয়ে নিজৰ বিশেষ কলা প্ৰতিভাৰে থিতাতে বিশিষ্ট অতিথিসকলৰ হস্তাক্ষৰৰে একোখনকৈ পেইন্টিং, দুয়োখন হাত আৰু এখন ভৰিৰে একেলগে তিনিখন ছবি আৰু এক মিনিটত এখন স্পীড পেইণ্টিং কৰি দৰ্শকৰ ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হয়। এই প্ৰদৰ্শনী অহা ৩১ জুলাইকে নেহৰু আৰ্ট চেণ্টাৰত চলি হৈ থাকিব।

Related Articles

Leave a Reply

Close