অসম

বৰপেটাৰ মৈৰাদিয়াত কিশোৰী অপহৰণৰ অভিযোগ, থানাত এজাহাৰ দাখিল

প্ৰথম খবৰ, নগৰবেৰা: বৰপেটা জিলাৰ চেঙা সমষ্টিৰ দক্ষিণ প্ৰান্তৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত মৈৰাদিয়া গাঁৱৰ এগৰাকী কিশোৰী ৰহস্য জনকভাৱে অপহৰন হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে, জিলাখনৰে কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত মৈৰাদিয়া গাঁৱৰ জাকিৰ হুছেইনৰ ১৬ বছৰীয়া কন্যাই ১৯ জুলাই তাৰিখত নিশা ৮ মান বজাত নিজ গৃহৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হয়। পৰিয়ালৰ লোকে নাবালিকাগৰাকীক ঘৰখনত প্ৰত্যক্ষ কৰিবলৈ নাপাই বিচাৰ-খোচাৰ আৰম্ভ কৰাৰ লগতে স্থানীয় কাছুমাৰা আৰক্ষী থানাত লিখিতভাৱে অৱগত কৰে। ইতিমধ্যে পৰিয়ালৰলোকে কিশোৰীগৰাকীক এটা দুষ্ট চক্ৰই অপহৰণ কৰা বুলি এক গোপন সূত্ৰত ঘটনাৰ এদিন পিছত নিশ্চিত হয়। ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে অপহৰণ কাণ্ডৰ লগত জড়িত থকা গোৱালপাৰা জিলা পঞ্চৰত্ন আৰক্ষী থানাৰ অন্তৰ্গত বহতী এন.চি গাঁৱৰ আৰু বৰপেটা জিলাৰ আলোপতি চৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাতনাপাইতী অঞ্চলৰ ক্ৰমে- মইদুল ইচলাম¸ মুছাৰফ ৰহমান¸ ছফিকুল ইছলাম আৰু মন্দিয়া প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ১১৫নং ৰামাপাৰা পাম প্ৰাথমিক বিদ্যালয় প্ৰধান শিক্ষক আবু ছিদ্দিকে এই অপহৰন কাণ্ডত জড়িত বুলি কিশোৰী গৰাকীৰ পিতৃয়ে স্থানীয় আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে। শীঘ্ৰে কিশোৰীগৰাকীক উদ্ধাৰ কৰাৰ লগতে অভিযুক্ত অপহৰণকাৰী সকলক আটক কৰিবলৈ জিলা আৰক্ষী অধীক্ষকক দাবী জনাইছে পৰিয়ালৰ লোকৰ লগতে স্থানীয় সচেতন ৰাইজে।

Related Articles

Leave a Reply

Close