অসমশীৰ্ষ

বিশ্বনাথ পানপুৰ মথাউৰিত ব্ৰহ্মপুত্ৰৰ তীব্র খহনীয়াই সৃষ্টি কৰিছে আতংক, নিশাৰ ভিতৰতে নিচিহ্ন হৈ পৰিব মথাউৰি

প্ৰথম খবৰ, চতিয়া: বিশ্বনাথ জিলাৰ চতিয়াৰ দক্ষিণ অঞ্চলৰ চতিয়া, জামুগুৰিহাট আৰু বিশ্বনাথৰ ৰক্ষা কৱচ বিশ্বনাথ -পানপুৰ মথাউৰি ইতিমধ্যে বৰলুইতৰ গড়াখহনীয়াই আজি গ্ৰাস কৰাৰ অৱস্থাৰ সৃষ্টি হৈছে। ইতিমধ্যে মথাউৰিৰ তলৰ অংশ জাহ গৈছে পানীত।

আজি নিশাৰ ভিতৰতে হয়তো মথাউৰী বৰলুইতৰ বুকুত জাহ যাব। বিগত বৰ্ষত ১৭৭ কোটি টকাৰ জিও বেগৰে খহনীয়া ৰোধৰ বাবে ধন আৱণ্টন হৈছিল যদিও নিম্ন মানৰ কাম কৰি বৃহৎ ব্যৱসায় প্ৰতিষ্ঠান ফ্লেক্সিটাপ আৰু এচ. এম নামৰ কোম্পানী দুটাই বিভাগীয় বিষয়া কৰ্মচাৰীৰ লগত মিলি নিম্ন মানৰ কামেৰে ধনৰ শৰাধ কৰাৰ পৰিণতিতে ১৭১ কোটি টকা পানীত পেলাইও ৰোধিব নোৱাৰিলে বৰলুইতক।

বিশ্বনাথ জিলা প্ৰশাসনে ইতিমধ্যে মথাউৰীৰ কাষত বসবাস কৰা পৰিয়াল সমূহক স্থানান্তৰিত হ’বলৈ নিৰ্দেশ জাৰি কৰিছে। বৰ্তমান মথাউৰি লুইতৰ বুকুত জাহ যোৱাটো নিশ্চিত হোৱাত সমগ্র অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি হৈছে।

 

Related Articles

Leave a Reply

Close