অসম

মন্ত্ৰীৰ নিৰাপত্তাৰক্ষী গাড়ীত ট্ৰাকৰ প্ৰচণ্ড খুণ্ডা, নিৰাপত্তাৰক্ষী সহ দুজন আহত

প্ৰথম খবৰ, বগীনদী: অসম চৰকাৰৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰীৰ নিৰাপত্তা ৰক্ষীৰ গাড়ীত এখন ট্ৰাকে প্ৰচণ্ডভাৱে খুন্দা মৰাৰ ফলত এজন নিৰাপত্তা বাহিনীৰ জোৱানৰ লগতে গাড়ীখনৰ চালকো গুৰুতৰ ভাৱে আহত হয়।

বগীনদী আৰক্ষী থানাৰ চাউলধোৱা আৰক্ষী চকীৰ উপ-পৰিদৰ্শক দীননাথ মিলিয়ে ঘটনা সন্দৰ্ভত জানিব দিয়া মতে, কালি ৰাতি প্ৰায় ১১.৩০ বজাত আৰক্ষী চকীৰ সন্মুখৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল।

গুৱাহাটীৰ পৰা ঢকুৱাখনা অভিমুখী মন্ত্ৰী নৱ দলেৰ নিৰাপত্তাৰ দায়িত্বত থকা As 01B 0651 বলেৰ’ গাড়ীখনক বিপৰীত দিশৰ পৰা অহা As 07c 4862 নম্বৰৰ ট্ৰাকখনে প্ৰচণ্ড খুণ্ডা মাৰি ঘটনাস্থলীৰ পৰা তীব্ৰ গতিৰে পলায়ন কৰে। এই ঘটনাত থানুৰাম লেখাৰু নামৰ এজন নিৰাপত্তা ৰক্ষীৰ লগতে চালক বাসুদেৱ গগৈ গুৰুতৰভাৱে আহত হয়।

দুয়োকে প্ৰথমে জিলা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও আজি পুনৰ দুয়োকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চালক জীৱন ওৰফে গীবন বনিয়া (৩৫) ক ৰাতিয়ে বগীনদী আৰক্ষীয়ে খেদি গৈ লখিমপুৰ চহৰৰ নকাডীৰ পৰা আটক কৰে।

Related Articles

Leave a Reply

Close