অসম

ব্যাসকুছিৰ মৰা চাউলখোৱা ঘাটত নাঁও খেল প্ৰতিযোগিতা

প্ৰথম খবৰ, চেঙা: বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহচক্ৰৰ অন্তৰ্গত ব্যাসকুছি (বালাৰঘাট)মৰা চাউলখোৱা নদীৰ ঘাটত ব্যাসকুছি বালাঘাট মিলন ক্লাৱৰ সৌজন্যত ২৫ জুলাইত এখন নাঁও খেল প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। দুটা শাখাত অনুষ্ঠিত এই খেলখনৰ ডাঙৰ নাঁও আৰু সৰু নাঁৱত ভাগ কৰা হয়। ৪০ হাততকৈ দীঘল নাঁও ডাঙৰ শাখাত আৰু তাতকৈ কম দীঘল নাঁও সৰু শাখাত বিভক্ত কৰা হয়। ডাঙৰ শাখাত তিনিটা দলে অংশগ্ৰহণ কৰে। দলকেইটা হ’ল-ছাহানাছ, ৰাজধানী আৰু মিলজ্যোতি। সৰু শাখাত অংশগ্ৰহণ কৰে ছয়টা দলে। দলকেইটা হ’ল- মা-বাবাৰ আশীৰ্বাদ, মা ছেলিমা, মা বাবাৰ আশীৰ্বাদ (২), সোনাৰ মদিনা, ৰঙাতৰা আৰু মাজনী। ডাঙৰ শাখাত প্ৰথম পুৰস্কাৰ ৰাজধানী আৰু দ্বিতীয় পুৰস্কাৰ ছাহানাছ আনহাতে সৰু শাখাত প্ৰথম পুৰস্কাৰ সোনাৰ মদিনা আৰু দ্বিতীয় পুৰস্কাৰ মা ছেলিমাই লাভ কৰা বুলি জানিবলৈ দিয়ে নাঁও খেল পৰিচালনা সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে হান্নান সিকদাৰ আৰু ফজল আলীয়ে। আনহাতে, পৰম্পৰাগতভাৱে চলি অহা এই নাঁও খেল উপভোগ কৰিবলৈ দহ সহস্ৰাধিক দৰ্শকে মৰা চাউলখোৱাৰ ঘাটত ভিৰ কৰে বুলি জানিবলৈ দিয়ে দক্ষিণ-পশ্চিম সৰুক্ষেত্ৰী গাঁও পঞ্চায়তৰ সভাপতি বাবুল আলীয়ে।

Related Articles

Leave a Reply

Close