অসমশীৰ্ষৰাষ্ট্ৰীয়

কটনিয়ানে জীৱন বচালে মুম্বাইৰ মাতৃৰ

প্ৰথম খবৰ, নিউজ ডেস্ক: মুম্বাইত নতুন চাকৰিত যোগদান কৰিবলৈ গৈ আছিল তাই৷ নাম তাইৰ অপৰূপা৷ পুৱা চাকৰিলৈ যোৱাৰ ব্যস্ততাপূৰ্ণ সময়৷ এখন্তেক ৰ’বলৈ সময়৷ কেনিও কাৰো ঘূৰি চোৱালৈও সময় নাথাকে৷ কিন্তু নতুন চাকৰিত যোগদান কৰিবলৈ যাওতে ষ্টেশ্যনত যি দেখিলে, তাই আৰু ৰ’ব নোৱাৰিলে৷

এগৰাকী মহিলাই দুই সন্তানৰ সৈতে আত্মহত্যাৰ বাবে চেষ্টা চলোৱা সময়তে তিনিওজনৰ প্ৰাণৰক্ষাত সফল হ’ল তাই৷ আৰপিএফকো খবৰ দিলে, আনকি, স্বামীৰ সৈতে দৈনিক কাজিয়াৰ অজুহাতত ইচ্ছামৃত্যুৰ চেষ্টা চলোৱা মহিলা আৰু দুই সন্তানক বচোৱা যুৱতীগৰাকীৰ কাহিনীয়ে ক’ব খুজিছো- নাম তেওঁৰ অপৰূপা৷

কেৱল নামত নহয়, কামে কাজে, ৰূপে গুণে অপৰাজিতা অপৰূপা৷ একালৰ কটন মহাবিদ্যালয়ৰ ছাত্ৰী, একালত তেজপুৰ বিশ্ববিদ্যালয়ৰ জনসংযোগৰ ছাত্ৰী, এতিয়া মুম্বাইত ব্যস্ত পেচাদাৰী জীৱনক লৈ৷ মিড-ডেত প্ৰকাশিত বাতৰি মতে, বিগত মঙলবাৰে অপৰূপাই এটা মুম্বাইৰ প্ৰতিষ্ঠানত মিউজিক কনটেণ্ট এডিটৰ হিচাপে যোগদান কৰিবলৈ যোৱাৰ সময়তে মৃত্যুমুখৰ পৰা ওভতাই আনে এটা পৰিয়ালক৷

তেইশ বছৰীয়া বিবাহিত এক মহিলাই দুই কণমানি সন্তানক লৈ লোকেল ট্ৰেইনৰ আগত জপিয়াই আত্মহত্যাৰ বাবে সাজু হৈছিল৷ এই ঘটনাৰ সময়তে ষ্টেশ্যনত উপস্থিত থকা অপৰূপাই জীৱন ৰক্ষা কৰে মহিলাগৰাকীৰ৷ এনে ভাল কামৰ বাবে অপৰূপাক অভিনন্দন৷

 

Related Articles

Leave a Reply

Close