অসম

মোৰাঝাৰত স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন

প্ৰথম খবৰ, ডবকা: হোজাই জিলাৰ মোৰাঝাৰস্থিত জাতীয় একাডেমীত আজি দীঘলজাৰ ৰাজ্যিক চিকিৎসালয়ৰ মোৰাঝাৰ উপ স্বাস্থ্য কেন্দ্ৰৰ ব্যৱস্থাপনাত এখনি স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন হৈ যায়। মোৰাঝাৰ অঞ্চলৰ বহু বৃদ্ধ লোককে ধৰি ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। এই শিবিৰত বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰা হয়। চিকিৎসা সেৱা আগবঢ়ায় ডঃ স্বৱনম ৰহমানৰ নেতৃত্বত ফাৰ্মাচিষ্ট আলিম উদ্দিনকে ধৰি এদল চিকিৎসকে। এই শিবিৰে কিছু হ’লেও দৰিদ্ৰ ৰাইজ উপকৃত হৈছে।

Related Articles

Leave a Reply

Close