অসম

দৰং জিলাৰ দেওমৰনৈ বাঘৰবাৰীত বিদ্যুৎ পৰিবাহী তাঁৰ চিঙি পৰিল পথৰ ওপৰত

প্ৰথম খবৰ, দেওমৰনৈ: দৰং জিলাৰ দেওমৰনৈ সমীপৰ বাঘৰবাৰীত আজি আবেলি হঠাৎ পথৰ ওপৰত চিঙি পৰিল বিদুৎ পৰিবাহী তাঁৰ, কথমপি ৰক্ষা পৰিল জনসাধাৰণ। বিদ্যুৎ বিভাগৰ অৱহেলাৰ বাবে অসমত ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন দুৰ্ঘটনা সংঘটিত হৈ কেইবাজনো লোকে মৃত্যুবৰণ কৰাৰ সময়তে দৰং জিলাৰ দেওমৰনৈ বাঘৰবাৰীত কনক শৰ্মাৰ ঘৰৰ সন্মুখত চিঙি পৰিল বিদ্যুৎ পৰিবাঁহী তাঁৰ। অতি নিম্ন মানৰ তাঁৰ ব্যৱহাৰ কৰা বাবে এই ঘটনা সংঘটিত হৈছে বুলি স্থানীয় ৰাইজে দাবী কৰিছে। এনেকৈ বিদ্যুৎ পৰিবাহী তাঁৰ চিঙা ঘটনা বাঘৰবাৰীত ৭ বাৰকৈ ঘটিছে বুলি ৰাইজে অভিযোগ কৰিছে। এই বিষয়ে বিদ্যুৎ বিভাগত বিষয়টি অৱগত কৰিছিল যদিও বিভাগীয় কতৃপক্ষই বিষয়টি গুৰুত্ব সহকাৰে নল’লে বুলি দাবী কৰিছে স্থানীয় ৰাইজে। কোনোবা দিনা যে হাঁহিৰাম মন্ত্রী মহোদয়ৰ বিদ্যুৎ বিভাগৰ অকৰ্মণ্যতাৰ বাবে দৰঙৰ বাঘৰবাৰীটো কোনোবা মৃত্যু মুখত পৰিব সেয়া কিন্তু বেছি দিনলৈ ৰৈ থাকিব নালাগে সেয়া ধুৰূপ। এতিয়া বিষয়টি কিভাবে গ্রহণ কৰে সেয়া শক্তি বিভাগৰ হাঁহিৰাম মন্ত্রী মহোদয়ৰ বিভাগীয় কৰ্তৃপক্ষই জানিব। চৰকাৰ আৰু বিভাগীয় বিষয়া সকলক গুৰুত্ব সহকাৰে ল’বলৈ ৰাইজে অনুৰোধ কৰিছে।

Related Articles

Leave a Reply

Close