অসম
গোসাঁইগাঁৱত সন্তান দলৰ ধৰ্মীয় প্ৰচাৰ শোভাযাত্ৰা

প্ৰথম খবৰ, গোসাঁইগাঁও: নেতাজীৰ ত্যাগ আৰু সাহসীকতাৰে অনুপ্ৰানিত শ্ৰী শ্ৰী ঠাকুৰ বালক ব্ৰহ্মচাৰী মহাৰাজৰ দৰ্শণ অনুযায়ী বেদ ভিত্তিক সাম্যবাদ প্ৰতিষ্ঠা লক্ষ্যৰে আজি গোসাঁইগাঁও সদৰ চহৰত এক বিশাল প্ৰচাৰ শোভাযাত্ৰা উলিওৱা হয়। সন্তান দল বেদ প্ৰচাৰ সমিতি অসমৰ উদ্যোগত আয়োজন কৰা প্ৰচাৰ শোভাযাত্ৰাৰ কাৰ্যসূচীত আজি ৰাতিপুৱা মহকুমা সদৰ চহৰখনৰ ষ্টেচনৰ পৰা পুৰুষ, মুহিলা, বৃদ্ধ, বণিতাই একে লগে ৰাম নাৰায়ণ ৰাম ধ্বনিৰে ৰাইজৰ মাজত ঠাকুৰ বালক ব্ৰহ্মচাৰীৰ মহানাম যাপ কৰি পদযাত্ৰা কৰি উত্তৰপাৰা বাছ অৱস্থানত অন্ত পেলাই৷
বেদ কৰ্মী তথা সন্তান দলৰ ধৰ্মীয় প্ৰচাৰ আৰু প্ৰসাৰ বাবে হাতে হাতে ধৰ্ম ধ্বজালৈ এই কাৰ্যসূচীত যোগদান কৰে শ্ৰী শ্ৰী ঠাকুৰ বালক ব্ৰহ্মচাৰী মহাৰাজৰ শিষ্যসকলে। এই পদযাত্ৰাত দুই শতাধিক ভক্ত প্ৰাণ ৰাইজে অংশ লয়৷ শোভাযাত্ৰাৰ মাজতে সন্তানদলৰ কৰ্ম-কৰ্তা সকলে ৰাইজৰ মাজত প্ৰচাৰ পত্ৰিকা বিতৰণ কৰি বিশ্ব মানৱতা ধৰ্মৰ জাগ্ৰত কৰাৰ এক ব্যতিক্ৰমী প্ৰয়াস গ্ৰহণ কৰে৷
পদযাত্ৰাত সন্তা দল বেদ প্ৰচাৰ সমিতি অসমৰ ৰাজ্যিক সঞ্জয় চন্দ্ৰ দাসে অংশ গ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত শ্ৰী শ্ৰী ঠাকুৰ বালক ব্ৰহ্মচাৰী মহাৰাজৰ দৰ্শন অনুযায়ী সমগ্ৰ বিশ্বতে যাতে “বেদভিত্তিক সাম্যবাদ” প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে এই প্ৰচাৰ কাৰ্য গ্ৰহণ কৰা বুলি উল্লেখ কৰে৷ ৰাম নাৰায়ন ৰাম মহানামৰ অস্ত্ৰ, প্ৰেমৰ অস্ত্ৰ আৰু জ্ঞানৰ অস্ত্ৰৰ মাজেৰে জাতি, ধৰ্ম, বৰ্ণ, দল সম্প্ৰদায় নিৰ্বিশেষে সকলোৰে মাজত বিশ্ব মানৱ ধৰ্ম জাগ্ৰত হয় আৰু পোহৰ, পানী, মাটি, বতাহ আৰু বিকাশৰ পঞ্চভূতৰ সমতাৰ ধৰ্ম যাতে বিশ্বৰ সকলৰে মাজত বিয়পি পৰে তাৰ বাবে এনেদৰে পদযাত্ৰা কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ চলোৱা হয় বুলি কয়৷ সকলোৱে যাতে বেদ বিৰোধী কাৰ্য্য তথা শিক্ষা, স্বাস্থ্য, ধৰ্মৰ নামত বেপাৰ নকৰে আৰু অন্যায়ৰ বিৰুদ্ধে সজাগ হয়, জাতি, ধৰ্ম, সম্প্ৰদায়ৰ ভেদাভেদ পাহৰি এক জাতি এক নীতি এক ৰাষ্ট্ৰ ব্যৱস্থা প্ৰতিষ্ঠাৰ লক্ষ্যৰে আগুৱাই আহে সেয়াই উক্ত পদযাত্ৰাৰ মূল উদ্দেশ্য বুলি কয়৷
এই পদযাত্ৰত ৰাজ্যিক সমিতিৰ সভাপতি বিনয় ৰায়, সাধাৰণ সম্পাদক নিৰ্মল মল্লিক, সহ সম্পাদক উৎপল তালুকদাৰ প্ৰমূখ্যে সন্তান দল বেদ প্ৰচাৰ সমিতিৰ প্ৰচাৰক সকল উপস্থিত থাকে৷ শোভাযাত্ৰাৰ অন্তত দুপৰিযা দুই বজাৰ পৰা গোসাঁইগাওঁ নাট মন্দিৰ প্ৰাঙ্গণত অনুষ্ঠিত এক প্ৰচাৰ সভাত অংশ লয় আমন্ত্ৰিত অতিথিসকলে শ্ৰী শ্ৰী ঠাকুৰ বালক ব্ৰহ্মচাৰী মহাৰাজৰ দৰ্শনৰ প্ৰচাৰ চলায়৷