বিনোদনশীৰ্ষসাক্ষাৎকাৰ

১২ বছৰ বয়সত ভাটখাণ্ডে বিশ্ববিদ্যালয়ৰ পৰা সংগীতৰ ডিগ্ৰী লাভ কৰিছিলো-সুবাসনা দত্ত

  1. এগৰাকী শিল্পী। ৪০০০+ গান। কিন্তু এতিয়ালৈ নাই এটাও মিউজিক এলবাম। এইগৰাকী শিল্পীয়েই হৈছে সুবাসনা দত্ত। জুবিন গাৰ্গৰ পিছতেই সুবাসনা দত্ত হৈছে ৱেষ্টাৰ্ণ ভ’কেলত বি বৰুৱা কলেজৰ দ্বিতীয়গৰাকী গ’ল্ড মেডেলিষ্ট। তেন্তে কিয় এলবাম নুলিয়ায় তেওঁ? প্ৰথম খবৰৰ সাংবাদিক বৰ্ষাজ্যোতি দাস আৰু জোনমণি জোনাক দাসৰ সৈতে মুখামুখি হৈ এনে বহু প্ৰশ্নৰ উত্তৰ দিলে শিল্পীগৰাকীয়ে। 

আপোনাৰ জন্ম আৰু শিক্ষা জীৱনৰ আৰম্ভণি ক’ত হৈছিল?

মোৰ জন্ম হৈছিল ডিফুত। মা-দেউতাৰ চাকৰি সূত্ৰে আমি ডিফুত আছিলো।কিন্তু দেউতা যোৰহাটৰ। আৰু আমাৰ স্থায়ী ঘৰ যোৰহাটতে।জন্ম ডিফুত গতিকে স্কুলীয়া শিক্ষাও মই তাতেই গৈছো। আৰু সংগীতৰ প্ৰথমখিনি মই তাতেই শিকিছো, ক্লাছিকেল মিউজিক ডিফুতে শিকা। দেউতাই সৰুতে গানৰ স্কুলত নাম লগাই দিছিল। ঘৰত এটা সংগীতৰ পৰিৱেশ আছিল বাবেই ঘৰতো গান শিকিছিলো। আৰু কলেজীয়া শিক্ষা লৈছিলো বি বৰৱুা কলেজত।

আপোনাৰ সংগীতৰ যাত্ৰা কেনেকৈ আৰম্ভ হৈছিল?

মোৰ ঘৰতে সংগীতৰ সুন্দৰ পৰিৱেশ আছিল। দেউতাই সাংস্কৃতিক দিশটো খুব ভাল পায় আৰু মায়ে খুব ধুনীয়া গান গাইছিল। মোৰ পৰিয়ালৰ বহুকেইজনেই মিউজিক ভাল পায়। শৈশৱৰ পৰাই আমি লতা মংগেস্কাৰৰ গান শুনো আৰু গাবলৈ প্ৰয়াস কৰো। ভাল গান হ’লে সকলোৰে শুনিছিলো। মুঠৰ ওপৰত পুৰণা গান শুনি আৰু গাই গানৰ প্ৰেক্টিছ কৰিছিলো। ৰাতিপুৱা চকু মেলিয়ে বিচনাতে শুনা পাঁও দেউতাই পুৰণি গীত বজাই থৈছে। বা মোৰ মাহীও আমাৰ লগতে আছিলে তেৱো কেতিয়াবা পুৰণি গীতবোৰ বজাই থয়। মই তেনেকৈ বিচনাৰ পৰাই শুনি শুনি গানৰ আমেজ লৈছিলো। মোৰ সংগীতৰ যাত্ৰা ঘৰখনৰ যথেষ্ট চাপোৰ্ট আছিল। মা-দেউতাহতে কেতিয়াওঁ ভবা নাছিলে মই মিউজিকটো কেৰিয়াৰ হিচাপে লম বুলি। কিন্তু গাইছিলো কাৰণে সকলোৱে ভাল পাইছিল।

আপোনাৰ শেহতীয়া গীত ‘উৰি যোৱা’ৰ নিৰ্মাণৰ আঁৰৰ কাহিনীটো ক’ব নেকি?

আচলতে মই অকণমান বেলেগ ধৰণে ভিডিঅ’ এটা কৰিম বুলি ভাবি আছিলো। সচৰাচৰ হৈ থকা ভিডিঅ’ বিলাকতলৈ অকণমান বেলেগকৈ বনোৱাৰ কথা বহু বছৰ আগৰ পৰাই ভাবিছিলো। গছ, ফুল, পাত, প্ৰেম, গাঁও এইবোৰৰ পৰা অকণমান পৃথক হৈ এজনী স্বাধীনচেতিয়া মনৰ ছোৱালীৰ সপোনবোৰক লৈ পেলাই ভিডিঅ’ এটা নিৰ্মাণ কৰিম বুলি ভাৱিছিলো।

এজনী স্বাধীন ছোৱালীৰ হেঁপাহ বা সপোনবোৰ কেনেকুৱা হ’ব পাৰে সেই কথাটোৰ প্ৰতি লক্ষ ৰাখি মই এই ভিডিঅ’টো কৰিছিলো। এই গানটো তৰুণ তন্ময় যিয়ে মিউজিক কৰিছে আৰু ৰাজদ্বীপ দাই গানটোৰ লিৰিক্স লিখিছে।

তেওঁলোক আটাইকেইজনকে মই কৈছিলো যে এজনী স্বাধীন ছোৱালীৰ ভিডিঅ’ এটা কৰিম আৰু সেই হিচাপে তেওঁলোকে গানটো কৰাত সহায় কৰিছে। মই খুব হেপী এই ক্ষেত্ৰত। কাৰণ মই ভাবো তেওঁলোকে মোক তেওঁলোকৰ ১০০% দিছে।

আপুনি বহু বছৰৰ পৰাই সংগীতৰ ক্ষেত্ৰত জড়িত কিন্তু সংগীতৰ শেহতীয়া যিটো ধাৰা সেই ক্ষেত্ৰত আপুনি কি ক’ব?

সংগীতৰ ধাৰা বা মিউজিকৰ ট্ৰেণ্ডটো উঠাই দিব লাগে। মিউজিকৰ কোনো ট্ৰেণ্ড নাথাকে। মিউজিক মিউজিকে হয়। ভাল গান সকলোৱে শুনিব লাগে আৰু সকলো প্ৰকাৰৰ গানে শুনিব লাগে।

অসমত মই ভাৱো এটা বিশেষ ধাৰাৰ গান মানুহে শুনি আহিছে। এইক্ষেত্ৰত মই ভাৱো প্ৰতিজন মানুহৰ লগতে মিডিয়া বিশেষকৈ আগবাঢ়ি আহিব লাগিব। ডান্স নাম্বাৰৰ এটা গীত আমি সকলোৱে শুনো। বিভিন্ন অকেজনত ডান্স নাম্বাৰ শুনি ভাল লাগে, গতিকে ডান্স নাম্বাৰ আমাক লাগিবই। সেই বুলিয়ে বাকীবোৰ গীত বেয়া নহয়। কোনো গীত আচলতে বেয়া নহয়। বলিউডত হানী সিঙৰ গীত যেনেকৈ হিট হৈছে ‘মে তেনো চমজাৱা’ও হিট হৈছে। কিন্তু অসমত তেনেকুৱা নহয়। তাৰ কাৰণ বুলি কলে মই ভাৱো গানবোৰ আচলতে কম বজোৱা হয় নেকি? মোৰ বোধেৰে ফাষ্ট টেম্পোৰ গান এটা যদি দিনটোত দুবাৰ বজাই তেন্তে শ্ল’ বা ৰোমেণ্টিক ছং এটা দিনটোত সাতবাৰ বজাব লাগিব। তেতিয়াহে গীতবোৰ হিট হ’ব। এই ট্ৰেণ্ড বস্তুটো আমি সকলোৱে মিলিহে উঠাব পাৰিম।মই কেতিয়াবা ভাৱো, নিজকে প্ৰশ্ন কৰো অসমৰ মানুহে কেৱল এনেকুৱা গীতে শুনি থাকিব নেকি? কেতিয়াবা ফাষ্ট্ৰেছনটো ভুগো একেকেইটা গানে কিয় শুনি আছো। কেতিয়াবা টিভি চেনেল বিলাকত দেখো ঘূৰাই-পকাই একেকেইটা গানে চলি আছে সেইটো হ’ব নালাগে। মই যেনেকৈ ৰোমাণ্টিক বা ডান্স নাম্বাৰ সকলো গীতে ভাল পাঁও, তেনেকৈ মোৰ নিচিনা আৰু হয়তো বহু ব্যক্তি আছে যিয়ে সকলো ধৰণৰ গান ভাল পায়। তেওঁলোকৰ কাৰণে অন্তত সকলো প্ৰকাৰৰ গানে বজাব লাগে। আমি নিজেই সলনি হ’ব লাগিব।

আপুনি চাৰি হেজাৰতকৈও অধিক গীত গালে তথাপিও কেতিয়াবা অনুভৱ হয় নেকি প্ৰচাৰ মাধ্যমে আপোনাক কমকৈ গুৰুত্ব দিয়া বুলি?

এইটো ক্ষেত্ৰত অসমত মই নিৰপেক্ষ মিডিয়াৰ অভাৱ অনুভৱ কৰো।যিয়ে নিজে গৈ কাৰোৱাক এপ্ৰোচ্ছ কৰিব আৰু তেওঁৰ ভাল কামখিনিক ৰাইজৰ মাজত দাঙি ধৰিব। সেই বস্তুটোৰ অলপ অভাৱ অনুভৱ কৰো। কোনো এজন সংগীত ভালপোৱা বা সংগীতৰ অনুৰাগীয়ে মোক মিডিয়াই প্ৰাধান্য দিয়ক বুলি কাম নকৰে। ময়ো কৰা নাই সেইটো কাৰণে। মই কাকো এপ্ৰোচ্ছ কৰিব যোৱা নাই মই কিবা এটা কাম কৰিছো আৰু সেইটো মিডিয়াত প্ৰচাৰ হওঁক। কিছুমানে টিভি স্ক্ৰীনত ওলাবলৈ মিডিয়াৰ মানুহক নিজৰ ভায়েক বা ভনীয়েকো পাতি লয়, মই তেনেকুৱা বহুত দেখিছো। যিবোৰে সংগীতক সঁচাকৈ ভাল পায় তেওঁলোকে মিডিয়াৰ ফ’কাচত থকাটোৰ বাবে কাম নকৰে। মই আগতেও গান গাইছিলো, এতিয়াও গাও আৰু ভৱিষ্যতলৈও গাই থাকিম। মই যদি প্ৰফেচনেলি এইটো লাইনত নাহিলোহেতেন তথাপিও মই সুখী হলোহেতেন কাৰণ মই গান ভাল পাঁও। গান প্ৰথমে মোৰ নিচা পিছতহে পেচা হিচাপে ললো। মই ঘৰত যেতিয়া এনেই থাকো বা মনটো বেয়া লাগি থাকিলে দুটামান গান গাও তাৰ পাছত মনটো ভাল লাগি যায়। মই মিউজিক লৈ হেপী। মোক ৰাইজে সুৱাসনা দত্ত এজনী ভাল গায়িকা বুলি জানে সেই কথাটো ইমান গুৰুত্বপূৰ্ণ নহয় মোৰ কাৰণে। কাৰণ মই কিমান ভাল গীত গাও বা কিমান ভাল কাম কৰিছো সেইটো মই নাজানো কিন্তু চেষ্টা সদাই চলায় যাম।

আপুনি পাশ্চাত্য সংগীতো সুন্দৰকৈ গাব পাৰে। এই ক্ষেত্ৰত আপোনাৰ শ্ৰোতাক দিবলৈ আগন্তুক কিবা পৰিকল্পনা আছে নেকি?

সৰুতে মই বেছিকৈ হিন্দী আৰু পাশ্চাত্য সংগীত শুনিছিলো। সেই কাৰণে মোৰ অসমীয়া উচ্চাৰণ খুবেই বেয়া আছিলে। প্ৰথমতে মই যেতিয়া অসমীয়া ইণ্ডাষ্ট্ৰীটোত আহিছিলো তেতিয়া খুব গালিও খাইছিলো। কাৰণ উচ্চৰণটো হিন্দী-হিন্দীৰ নিচিনা শুনিছিল।

তথাপিও প্ৰেক্টিছ কৰিছিলো গাবলৈ। আৰু আগলৈও ভাৱিছো পাশ্চাত্য সংগীতৰ ওপৰত কিছু কাম কৰিম বুলি। আৰু শেহতীয়াভাৱে দুটা পাশ্চাত্য সংগীতৰ গীতৰ কাম শেষ কৰিছো। অহা মাহত হয়তো ৰিলিছ কৰিম।কিন্তু কেতিয়াবা ভাৱো মই আগৰ নিচিনা পাশ্চাত্য সংগীতক গুৰুত্ব দিব পৰা নাই। কাৰণ যেতিয়া মই গুৱাহাটীলৈ আহি বিহু নাইবা এটা বেলেগ ধৰণৰ গান গাবলৈ ললো তেতিয়া সকলো সলনি হৈ গ’ল। তথাপিও মই কওঁ যে বিহু বা যিকোনো ফ’ক বা লোকসংগীতে হওঁক গোৱাটো ইমান সহজ নহয়। তথাপিও লাহে লাহে আগবাঢ়িছো সকলো ধৰণৰ গীতে গাই যাম।

আপোনাৰ সংগীতৰ জগতখনৰ কৰ্মব্যৱস্তাৰ মাজত পৰিয়ালক লৈ কিবা অসুবিধা হয় নেকি?

আচলতে সকলোৱে নিজৰ কাম মেনেজ কৰি চলিব লাগিব। অকল মই সংগীত শিল্পী বুলি নহয়, যিয়ে যি কাম নকৰক কিয় মেনেজ কৰিবই লাগিব। সংসাৰ জীৱনৰ এটা অংশ। মোৰ ভাল লাগে মই দুয়োফালে মিলাই চলি আছো। তথাপিও সময়ৰ অলপ অভাৱ হয়। আগৰ নিচিনাকে যিকোনো সময়তে কিবা এটা কৰিম বুলি কৰিব নোৱাৰো। মোৰ পৰিয়ালটো মোৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ। মিলা-মিলিকৈ চলো আৰু।

চলিত বৰ্ষত অসমবাসীক কেনেকুৱা গীত উপহাৰ দিব?

সকলো প্ৰকাৰৰ গীতেই দিবলৈ চেষ্টা কৰিছো। মেল’ডি টাইপৰ গীত এটা কৰিম বুলি ভাৱিছো, ডান্স নাম্বাৰ এটাও কৰিম। চাওঁ কি হয়!

শ্ৰোতাই আপোনাৰ কোনবোৰ গান মনত ৰাখিব বুলি আপুনি ভাবে?

মই বৰ্তমানলৈ বহুত  গান গাইছো। কিন্তু মই ক’ব নোৱাৰো কোনটো গান ৰাইজে মনত ৰাখিব। মই নিজেও কোনো এটা বিশেষ গানক ক’ব নোৱাৰো যে এই গানটো গাই মই সুখী হৈছো। মোৰ গোটেইবোৰ গানেই ভাল লাগে। কোনো এটা গান গাই মই নিজকে প্ৰাউদ ফিলো  কৰা নাই। শ্ৰোতাই  হয়তো বহুত গানে ভাল পায়, যেনে-  দিখৌ নৈ এৰিব নোৱাৰো,  মাতিচা যদি যাবই লাগিব, সৌ সিদিনা আবেলি পৰত আদি বহুকেইটা গানে ৰাইজে আকোৱালি  লৈছে। কেতিয়াবা মঞ্চত উঠি যদি ভাৱো কোনোবা এটা গান নাগাও বুলি সেইদিনা সেই গানটো তিনি-চাৰিবাৰলৈ গাবলগীয়া হয়। দিখৌ নৈ এৰিব নোৱাৰো গীতটি গাবলৈ ইমানেই অনুৰোধ আহে গতিকে মই ভাৱো সেই গীতটি সঁচাকৈ এটা ভাল গীত। সেই  গীতটো মানুহে মনত ৰাখিব।

সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰত নৱপ্ৰজন্মক কি ক?

সামাজিক দায়বদ্ধতা ল’ব পৰা হৈছো বুলি মই ভাৱিছো আৰু কিছু কাম কৰি লওঁ। তাৰ পাছত ভাৱিম নৱপ্ৰজন্মক কিব দিব পাৰো। কিছুমান গীত হেৰাই গৈছে। যিবোৰ আমি সৰুতে শিকিছিলো। কিছুমান গীত ৰেডিঅ’টো নাই  চাগে। মই ভাৱিছো তেনেকুৱা পুৰণি গীতবোৰ আকৌ ৰেকৰ্ড কৰি ৰাইজৰ  মাজত এৰি দিম।

আপোনাৰ আজিলৈকে এটাও গীতৰ এলবাম নাই কিয়?

এলবাম কৰিম  বুলি নভবা নহয়। যিটো সময়ত এই ইণ্ডাষ্ট্ৰীটোলৈ আহিছিলো সেইদিনবোৰ এই ইণ্ডাষ্ট্ৰীটোৰ সোণালী যুগ আছিল। মিউজিক ইণ্ডাষ্ট্ৰীৰ একেবাৰে গোল্ডেন ডেইজ। ইমান বেছি কাম কৰিছোঁ ভাবিলে ভাল লাগে। আমি তিনি চাৰিটা ষ্টুডিঅ’ত দিনে-নিশাই কাম কৰি ২০০-৩০০ কেছেট ৰিলিজ কৰিছিলো। সেইটো সময়ত অসমৰ ডাঙৰ ডাঙৰ বেনাৰত  কাম কৰিছিলো যেনে- এন কে প্ৰডাকচন, মানস ৰবীন,  পবিত্ৰ মাৰ্ঘেৰিটা,  কৃষ্ণমণি চুতীয়া এনেকুৱা কিছুমান ডাঙৰ  ডাঙৰ বেনাৰত কাম কৰিছিলো। সেই সময়ত ইমানেই ব্যস্ত হৈ গৈছিলো আৰু ডাঙৰ  ডাঙৰ  বেনাৰত কাম কৰি আছিলো। বহুত গান হিটো হৈছিল সেয়েহে ভৱাই নহ’ল যে এলৱাম এটা লাগে। তেতিয়া অনুভৱ হৈছিল ইমান ভাল ভাল গীত গাই আছো আৰু গীতবোৰ আকোৱালিও লৈছে ৰাইজে গতিকে লাহে লাহে কৰিম বুলি ভাবিছিলো। তেনেকৈ ভাবোতে ভাবোতে কথাটো  পিছ পৰি থাকি   গ’ল। মাজতে ভাৱিছিলো যদিও বিভিন্ন ব্যস্ততাৰ মাজত  কৰা নহ’ল। এতিয়া ভাবিছো যে এলবাম এটা  কৰিম। বিগত  দুবছৰৰ পৰা পৰিকল্পনা হাতত লৈছো।মই নিবিচাৰো যে এলৱামটো আন ১০টা এলবামৰ নিচিনা মাৰ্কেটত পৰি থাকক। যিহেটো  মানুহে মোৰ কণ্ঠত এটা এলবাম শুনিব বিচাৰে  সেই কাৰণে অলপ ভালদৰে প্লেনিং কৰিছোঁ।

আপুনি ৱেষ্টাৰ্ণ ভকেলত সোণৰ পদক পাইছিলে সেই বিষয়ে জনাব নেকি?

সেই বছৰটোত মই বি বৰুৱা কলেজত বেষ্ট ছিংগাৰ আছিলো। তাৰ পাছত য়ুথ ফেষ্টিভেল হ’ল আৰু সেই ফেষ্টিভেলত বিভিন্ন কেটেগৰিত কলেজৰ বহু ছাত্ৰ-ছাত্ৰীয়ে যোগদান কৰিবলৈ গৈছিল। কিন্তু ৱেষ্টাৰ্ণ ভ’কেল শাখাত যোগদান কৰিবলৈ কোনো ওলোৱা নাছিল। আমাৰ কলেজৰ জি এছে ভৱা নাছিল সেইটো শাখাত কোনোৱাই যোগদান কৰিব বুলি। ইউনিভাৰচিটিত  প্ৰতিযোগিতা চলি থকাৰ সময়তে মই গম পালো ৱেষ্টাৰ্ণ ভ’কেলৰো  প্ৰতিযোগিতা হ’ব। সেই মুহূৰ্ততে মই জি এছক কৈ প্ৰতিযোগিতাত যোগদান কৰিলো শেষ প্ৰতিযোগী হিচাপে।

এইখিনিতে ক’ব লাগিব এইটো শাখাত জুবিন গাৰ্গৰ পাছত আমাৰ কলেজলৈ কোনেও পুৰস্কাৰ অনা নাই। সেয়েহে সকলো কনফিউজ হৈ আছিল। সকলোৱে ভাবিছিল মই নাপাওঁ। কিন্তু মই গোৱাৰ পাছত সকলোৱে থিয় হৈ হাত চাপৰি দিছিল, খুব ভাল লাগিছিল সেইখিনি সময়ত।

সকলোৱে চিঞৰিছিল ‘দ্য গ’ল্ড গ’জ টু বি বৰুৱা’। সেইদিনা সন্ধিয়া বি বৰুৱাৰ জি এছে মোক ফোন কৰি কৈছিল তুমি ‘গ’ল্ড মেডেলটো পালা’। সেইটো মোৰ কাৰণে এটা ডাঙৰ এছিভমেণ্ট আছিল। যিহেতু জুবিন দাৰ পাছত ৱেষ্টাৰ্ণ ভ’কেলত বি বৰুৱালৈ কোনো গ’ল্ড মেডেল অনা নাছিলে। আৰু এটা কথা ভাল লাগিছিলে মই এজনী অসমীয়া ছোৱালী হৈ ৱেষ্টাৰ্ণ ভ’কেলত গ’ল্ড মেডেল পাইছিলো। তাৰ পাছতে মোক জুবিন দাই ফোন কৰি গীত গাবলৈ মাতিছিল।

সংগীতৰ যাত্ৰাত কেতিয়াবা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল নে?

মই ফেম লৈ ইমান ক্ৰেজি নহয়। আৰু হয়তো সেই কাৰণেই প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা নাই বুলি মই ভাৱো। প্ৰত্যাহ্বান যিকোনো ক্ষেত্ৰতে থাকিব পাৰে, গান বুলিয়ে নহয়। গানৰ ক্ষেত্ৰত মই ইমান প্ৰত্যাহ্বান পোৱা নাই। গানক কেতিয়াও প্ৰতিযোগিতা বুলি ভৱা নাই, ফেমৰ পাছত দৌৰা নাই। মই নজনাকৈ প্ৰ’ফেচনেলি এইটো ইণ্ডাষ্টীত আহি গলো। প্ৰ’ফেচনেলি ল’ম বুলি অহাই নাছিলো।

আপোনাৰ প্ৰতিদ্বন্দ্বী বুলি কাক ভাবে?

প্ৰতিদ্বন্দ্বী বুলি মই কাকো নাভাবো কাৰণ মই নিজকে আগৰ পৰাই  বুজাইছিলো যে সকলোৰে নিজা নিজা বৈশিষ্ট্য থাকে। মই যেনেকৈ গাও আন এজনে বেলেগকৈ গাব। গতিকে প্ৰতিযোগিতাতো সদায়  নিজৰ লগতেই হয়। নিজক কিমান আগবঢ়াই নিব পাৰো সেই কথা সদায় ভাৱো। বেলেগৰ লগত প্ৰতিযোগিতা কৰিবলৈ গ’লে মোৰ নিজৰে লোকচান হ’ব। বেলেগৰ কথা ভাৱি নিজৰ কামৰ সময়বোৰ নষ্ট নকৰো। নিজে প্ৰেক্টিছ কৰি নিজৰে কিমান আগবঢ়াই নিব পাৰো সেইটো মোৰ নিজৰ ওপৰত কথা। মিউজিকৰ ক্ষেত্ৰত কম্পিটিচন কাৰো লগতে নাথাকে। কাৰণ সকলোৰে নিজৰ নিজৰ এটা ঈশ্বৰ প্ৰদত্ত গুণ আছে। প্ৰিয়ংকা ভড়ালীয়ে ষ্টেজত ইমান ধুনীয়াকৈ নাচি নাচি গায়। প্ৰিয়ংকাক দেখি যদি ময়ো তেনেকুৱা কৰো তেতিয়া মানুহে মোক ক’ব সুৱাসনাইও প্ৰিয়ংকাক দেখি নাচিবলৈ ল’লে।

সংগীতক বাদে আপুনি আৰু কি ভাল পায়?

মই দুটা  কামে ভালদৰে কৰিব জানো। প্ৰথমটো গীত গোৱা আৰু দ্বিতীয়টো ৰন্ধা। ৰান্ধি খুব ভাল পাওঁ আৰু আজৰি সময় পালে কিবা নহয় কিবা এটা বনাওঁ।

আপুনি এজন সংগীত শিল্পী হিচাপে আন কোনজন শিল্পীৰ গীত শুনি বেছি  ভাল পায়?

এই ক্ষেত্ৰত মই নাম ল’ম লতা মংগেস্কাৰৰ। তেওঁৰ গীত শুনিয়ে মই নিজে গীত গাবলৈ আৰম্ভ কৰিছিলো। আৰু অসমৰ সংগীত শিল্পীৰ কথা যদি আহে তেন্তে জয়ন্ত হাজৰিকাৰ গীত মই খুবেই ভাল পাওঁ।জয়ন্ত হাজৰিকাৰ গান জয়ন্ত হাজৰিকাতকৈ কোনেও ভালকৈ গাব নোৱাৰে বুলি মই ভাবো। সেইকাৰণে বেলেগৰ মুখত শুনি খুব বেয়া লাগে।

আপুনি ১২ বছৰ বয়সতে মিউজিকৰ বিশাৰদ কৰিছিল। এয়া কেনেকৈ সম্ভৱ হ?

হয়। মই লক্ষ্ণৌৰ ভাটখাণ্ডেৰ পৰা ১২ বছৰ বয়সত বিশাৰদ কৰিছিলো। কিন্তু সেই সময়ত ১৬ বছৰ বয়স নহলে বিশাৰদ ডিগ্ৰীটো দিয়া নাছিল। তাৰ পাছত বহুত কয় মিলি কথা-বতৰা পাতি ডিগ্ৰীটো লৈছিলো।

প্ৰথম খবৰৰ পাঠকক কি ক?

প্ৰথম খবৰক মোৰ ফালৰ পৰা প্ৰথমে  বহু বহু শুভেচ্ছা যাঁছিলো। কাৰণ আজিকালি মানুহবোৰ ইমানে ব্যস্ত যে বাতৰি কাকতখন পঢ়ি বা টিভিটোৰ সন্মুখত বহি দিনটোৰ খা-খবৰ ল’বলৈও সময়ৰ অভাৱ। তেনে ক্ষেত্ৰত যদি দিনটোৰ খবৰ ৱেবছাইট যোগে আমি পাওঁ তেন্তে ই আমাৰ বাবে খুবেই ভাল খবৰ। প্ৰথম খবৰ সদায় পাঠকৰ মাজত এক সুকীয়া স্থান দখল কৰি অনাগত দিনত আগবাঢ়ি যাওঁক তাৰেই কামনা কৰিছো।

Related Articles

Leave a Reply

Close