অসমশীৰ্ষ

মৰাণৰ খোৱাং চাৰিআলিত শক্তি মন্ত্ৰীৰ পুত্তলিকা দাহ

প্ৰথম খবৰ, মৰাণ: ৰাজ্যত চাৰিওফালে এতিয়া শক্তি মন্ত্ৰী পল্লৱলোচন দাস হায়-হায় ধ্বনিৰে উত্তাল পৰিবেশ। বৰ্তমান গ্ৰীষ্মকালীন গৰমত জীৱ-জন্তুৰ পৰা মানুহলৈ সকলো প্ৰাণী হাহাকাৰ কৰিব লগা হোৱা সময়ত আকৌ ৰাজ্যখনত বিদ্যুৎ যোগান ব্যাহত হৈ থকাত অসমবাসীয়ে যমৰ-যাতনা ভূগিছে। বিদ্যুৎ যোগানত চুড়ান্ত ব্যৰ্থতাৰ অভিযোগ তুলি আজি সমগ্ৰ ডিব্ৰুগড় জিলাতে শক্তি মন্ত্ৰী পল্লৱ লোচন দাসৰ প্ৰতিকৃতি দাহ কৰে আছুৱে৷

জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে মৰাণৰ সমীপৰ খোৱাঙত প্ৰতিকৃতি দাহ কাৰ্যসূচী গ্ৰহণ কৰে আছুৰ খোৱাং আঞ্চলিক সমিতিয়ে৷ বিদ্যুৎ বিভাগৰ শোচনীয় অৱস্থা বাবে শক্তি মন্ত্ৰী পল্লৱলোচন দাসক ধোদ মন্ত্ৰী নামেৰে নামাকৰণ কৰা লগতে মন্ত্ৰীগৰাকীক শীঘ্ৰে পদত্যাগ কৰিবলৈ দাবী জনায়। আমি আপোনালোকক দেখুৱাইছোঁ মৰাণৰ সমীপৰ খোৱাং বৰপথাৰ দীঘলীয়াহোলা গাঁৱৰ বিদ্যুৎ বিভাগৰ মৰণফান্দ। বাঁহ আৰু কেঁচা তামোল গছ কাটি তাৰে খুঁটাত আৰু জীয়া গছত বিদ্যুৎ পৰিবাহী তাঁৰ সংযোগ কৰি বিদ্যুৎ যোগান দিছে ৰাইজক। উক্ত অঞ্চলত বিদ্যুৎপৃষ্ট হৈ ভালেমান জীৱ-জন্তু মৰাৰ পাছতো গা লৰা নাই বিদ্যুৎ বিভাগৰ।

Related Articles

Leave a Reply

Close