অসম

বন্যাৰ্তৰ বাবে কঠিয়া সিঁচিলে পাভৈ আছু, অলকা গেছ এজেঞ্চিয়ে

প্ৰথম খবৰ, বিশ্বনাথ চাৰিআলি: লাখ লাখ বৰ্নাত্য কৃষকৰ খেতি-মাটি পানীত জাহ যোৱা সময়তে পাভৈ আঞ্চলিক ছাত্ৰ সন্থা আৰু অলকা গেছ এজেঞ্চিৰ স্বতাধিকাৰি যোগেন শৰ্মাৰ উদ্যোগত বৃহত্তৰ পাভৈবাসী ৰাইজৰ সহযোগত চাৰিবিঘা মাটিত কঠিয়া সিঁচি মানবীয়তাৰ নিদৰ্শন দেখুৱাইছে। ছাত্ৰ সন্থা আৰু ৰাইজৰ সহযোগত পাভৈ অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী ৰূপনাথ ভূমিজে আঁত ধৰা অনুষ্ঠিতত পুৱা ১০.০০ বজাত বিশ্বনাথ জিলাৰ উপায়ুক্ত আসিতক্ষ্য চক্ৰবৰ্তীয়ে প্ৰথম মুঠি কঠিয়া সিঁচি শুভাৰম্ভ কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দুলদুল বৰকটকী, বিশিষ্ট সমাজকৰ্মী বীৰেণ ভাগৱতী, বিশ্বনাথ জিলা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উপদেষ্টা প্ৰতাপ শৰ্মা, পাভৈ বনাঞ্চলিক বিষয়া বুলন মহন্ত, সমাজ কৰ্মী পদুম বাঢ়ৈ, শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক আজমত শ্বেখ, পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি হেমন্ত সোনা, সাধাৰণ সম্পাদক জিন্টু বৰা, প্ৰাক্তন সভাপতি বিৰাজ কুৰ্মী, প্ৰাক্তন বিত্ত সম্পাদক স্বপন শইকীয়া, উদ্যামী কৃষক পুণ্য প্ৰসাদ খাউণ্ডৰ লগতে প্ৰায় দুই শতাধিক ৰাইজ উপস্থিক থাকে। গহপুৰৰ বৰ্ণাত্য কৃষকৰ সুবিধাৰ্থে লোৱা কাৰ্যসূচীৰ অগ্নিশালীৰ কঠিয়া সিচাঁ হয়। ভাদৰ মাহৰ শেষত সেই কঠিয়া বানাক্ৰান্ত কৃষকসকলক প্ৰদান কৰা হ’ব বুলি আছু সহকাৰী সাধাৰণ সম্পাদক দুলদুল বৰকটকীয়ে জানিবলৈ দিয়ে।

Related Articles

Leave a Reply

Close