কবিতা

মন মোৰ উৰি গুচি যায়

বীৰেন কোঁৱৰ:
মন মোৰ উৰি গুচি যায়
সীমাহীন দূৰ দিগন্তলৈ
অক্লান্ত পথিক হৈ ঘূৰি ফুৰিবলৈ মন যায়।
মন মোৰ উৰি গুচি যায়
সাগৰ নীলা বৰণ হ’বলৈ
নীলাবোৰৰ স’তে উটি ভাঁহি
বহুদূৰ যাবলৈ মন যায়।

মন মোৰ উৰি গুচি যায়
বোৱতী নৈৰ ঢল হ’বলৈ
ঢলৰ ভাঁজে ভাঁজে বহুদূৰ বৈ গৈ
কোনোবা এৰাসূঁতিত লাগিবৰ মন যায়।
মন মোৰ উৰি গুচি যায়
কাজল কাজল মেঘ হ’বলৈ
সৌ নীল আকাশৰ পৰা
তোমাৰ প্ৰেমৰ পথাৰত এজাক
ভালপোৱাৰ বৰষুণ সিঁচিবলৈ মন যায়।
মন মোৰ উৰি গুচি যায়
বসন্তৰ কোমল কুঁহি হ’বলৈ
কুঁহিপাতৰ আঁৰে আঁৰে লাজুকী কুলি হৈ
হিয়া মন জোৰোৱা গীত গাই
তোমাৰ কোমল হৃদয়খনি
এপলক ৰঙীন কৰিবলৈ
মন মোৰ উৰি গুচি যায়।।

Related Articles

Leave a Reply

Close