অসম

ৰূপহীহাটত সুতা কম্বল বিতৰণ বিধায়ক নুৰুল হুদাৰ

প্ৰথম খবৰ, ৰূপহীহাট: সুতা-কম্বলক লৈ ৰাজ্যজুৰি বিতৰ্ক অব্যাহত থকাৰ সময়তে নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিত আজি বিভিন্ন স্থানত সুতা কম্বল বিতৰণৰ কাৰ্যসূচী লয় কংগ্ৰেছী প্ৰতিনিধিসকলে।

সকলো বিতৰ্ক নেওচি আজি ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাই বহু হিতাধিকাৰীৰ মাজত সুতা কম্বল বিতৰণ কৰে। বিধায়ক নুৰুল হুদাই চমু ভাষণত কয় যে দৰিদ্ৰ লোকৰ স্বাৰ্থতে সুতা কম্বল দিয়া হৈছে। দৰিদ্ৰসকলৰ স্বাৰ্থত কাম কৰিবলৈ কংগ্ৰেছে সদায়েই আগবাঢ়ি আহিব।

উল্লেখ্য যে,  সমষ্টিৰ বিধায়ক জনে আজি ১১,৮৫০ গৰাকীক কম্বল আৰু ৫,৯৬৬ গৰাকী হিতাধিকাৰীৰ মাজত সুতা বিতৰণ কৰে। সমষ্টিৰ ৰূপহী-জুৰীয়া উন্নয়ন খণ্ডৰ বিভিন্ন পঞ্চায়তত অনুষ্ঠিত উক্ত সামগ্ৰী বিতৰণ অনুষ্ঠানত ৰাইজে যথেষ্ট ভিৰ কৰা পৰিলক্ষিত হয়।

Related Articles

Leave a Reply

Close