অসম

চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ সফল সামৰণি

প্ৰথম খবৰ, চিচিবৰগাঁও: অসমৰ ভাষা, সাহিত্য, সংস্কৃতি, অস্তিত্বৰ লগতে অসমৰ বিদ্যায়তনিক তথা বিভিন্ন পৰিক্ৰমাৰ মাজেৰে অসমীয়াৰ জাতীয় জীৱনৰ সুৰক্ষাৰ স্বাৰ্থত অতন্দ্ৰ প্ৰহৰী হিচাপে বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজেৰে সেৱা আগবঢ়াই অহা সদৌ অসম ছাত্ৰ সন্থাৰ চিলাপথাৰ আঞ্চলিকে চিলাপথাৰ আৱাসিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাগৃহত আজি বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ সামৰণিৰ লগত সংগতি ৰাখি এটি অনুষ্ঠানৰ আয়োজন কৰে।

প্ৰায় ১ মাহজোৰা পাঠদান সামৰণি কাৰ্যসূচীৰ সভাপতিত্ব কৰে চিলাপথাৰ আঞ্চলিকৰ সভাপতি দেবেন ডেকাই। অনুষ্ঠিত হোৱা মুকলি সভাত প্ৰায় দুই শতাধিক ছাত্ৰ- ছাত্ৰীৰ লগতে বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰী তথা আছুৰ নেতৃবৰ্গ উপস্থিত থাকে।

ধেমাজি জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক কল্যাণ গগৈ আৰু দেৱ কলিতা, ক্ৰীড়া সম্পাদক মনোৰঞ্জন গগৈ, মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক ইন্দ্ৰ গগৈয়ে বিশিষ্ট অতিথিৰ আসন অলংকিত কৰা সভাত দেবেন ডেকাই ‘ছাত্ৰ- ছাত্ৰীৰ মাৰ্গদৰ্শন’ সন্দৰ্ভত বক্তব্য দাঙি ধৰে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে চিলাপথাৰ আঞ্চলিকৰ সাধাৰণ সম্পাদক অৰবিন্দ গগৈয়ে। ছাত্ৰ- ছাত্ৰীসকলৰ মাজত অন্তৰংগ আলাপ, আলোচনা, গীত- মাত আদি অনুষ্ঠিত হয়।

ধেমাজি জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক কল্যাণ গগৈয়ে ছাত্ৰ- ছাত্ৰীসকলে অঞ্চলত, জিলাখনত, অসম তথা সমগ্ৰ ভাৰতবৰ্ষত জীৱনৰ মহান কৰ্মৰ মাজেৰে জগতৰ আগত আদৰ্শ দাঙি ধৰিবলৈ আহ্বান জনায়। ছাত্ৰ সন্থাই আয়োজন কৰা অনুষ্ঠানত শ্ৰেষ্ঠ বিদ্যালয়ৰ খিতাপ চিলাপথাৰ ড’নবক্স’ হাইস্কুলে লাভ কৰিবলৈ সক্ষম হয়। অনুষ্ঠানটি অতি সুপৰিকল্পিত আৰু সুন্দৰকৈ সজাই পৰাই উপস্থাপন কৰাৰ বাবে চিলাপথাৰ আছুৰ কৰ্মকৰ্তাক শিক্ষক- শিক্ষয়িত্ৰী, অতিথি আৰু ছাত্ৰ- ছাত্ৰীসকলৰ তৰফৰ পৰা শলাগ লয়।

Related Articles

Leave a Reply

Close