অসম

ছিপাঝাৰৰ নাৰিকলিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

প্ৰথম খবৰ, ছিপাঝাৰ: ছিপাঝাৰৰ নাৰিকলিত প্ৰব্ৰজন বিৰোধী ঐক্য মঞ্চৰ উদ্যোগত  বিভিন্ন  দল সংগঠন আৰু ৰাইজৰ সহযোগত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ২ ঘণ্টা ধৰি অৱৰোধ কৰে৷

 

ছিপাঝাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত দক্ষিণ কুৰুৱাৰ পৰা ধলপুৰলৈ সমগ্ৰ চৰ অঞ্চলৰ ৭৭ হেজাৰ ৪২০ বিধা মাটি সন্দেহযুক্ত বাংলাদেশী লোকৰ পৰা বেদখল মুক্ত কৰাৰ দাবীত এই পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে৷

ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত  ফুহূৰাতলীৰ ধান বজাৰ, মিলন বজাৰ আদি অঞ্চলত চৰকাৰী ভূমি বেদখল মুক্ত কৰিবৰ কাৰণে প্ৰশাসনক বিভিন্ন দল-সংগঠনে দাবী কৰি আহিছিল যদিও প্ৰশাসনে ২০১৬ চনৰ ২১ ডিচেম্বৰত মাত্ৰ ১০০০ বিঘা ভূমি বেদখল মুক্ত কৰিছিল।

বাকিখিনি এমাহৰ ভিতৰত বেদখল মুক্ত কৰিম বুলি আশ্বাস দিছিল যদিও আজিলৈ বেদখল মুক্ত নকৰিলে চৰকাৰে। সেয়েহে আজি বিভিন্ন দল-সংগঠন লগ লাগি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি অসম চৰকাৰ তথা প্ৰশাসনক বাকী থকা ভূমিখিনিও ১৫ দিনৰ  ভিতৰত বেদখলমুক্ত কৰিবলৈ দাবী জনাই৷

 

 

Related Articles

Leave a Reply

Close