অসম

শিৱসাগৰত উদণ্ড বাইক চালকৰ অতপালিত অতিষ্ঠ জনসাধাৰণ

প্ৰথম খবৰ, শিৱসাগৰ: শিৱসাগৰ নগৰৰ মাজ মজীয়াত একাংশ অপৰিপক্ক বাইক আৰোহীয়ে এক সন্ত্ৰাস সৃষ্টি কৰিছে। ষ্ট্ৰান্ট ষ্টাইলৰ ভংগীমাৰে শিৱসাগৰ চহৰৰ মাজমজিয়াত ত্ৰাসৰ সৃষ্টি কৰা এই উদণ্ড দুৰ্বৃত্ত যুৱকসকলে পদ পথচাৰীৰ বাবেও উপযুক্ত নোহোৱা বাট পথপদতে বাইক আৰোহীৰ তাণ্ডৱ, যাৰ বাবে বিগত দিনত সংঘটিত হৈছে কেইবাটাও ভয়ানক দুৰ্ঘটনা।

এইসকলৰ বাবে এনেকুৱা ধৰণৰ সাৱধানতা অৱলম্বন কৰিব লগা হৈছে যে আপোনাৰ দৃষ্টি যদি এপলক ইফাল সিফাল হয় চিতিকি পৰিব আপুনি বাইকৰ খুন্দাত। তীব্ৰ গতিৰে উচ্চ শব্দ লগতে যাঁন-যতৰ সমস্যা, তাতে নিৰৱ দৰ্শকৰ ভূমিকা।

এই সকল চালকক নাকী লগাব পৰা নাই শিৱসাগৰৰ আৰক্ষী প্ৰশাসনে। নিতৌ কিন্তু বাইক,গাড়ীৰ নথিপত্ৰ পৰীক্ষাত ব্যস্ত থাকে আৰক্ষী। বিচাৰ্য্যৰ বিষয় যদিহে আৰক্ষী প্ৰশাসন ইমানেই সষ্টম তেতিয়াহ’লে কি দৰে পুলিচ প্ৰশাসনৰ সন্মুখত উচ্চ শব্দৰে অকল্পনীয় গতিৰে জনসমাগমৰ এই ব্যস্ত নগৰৰ মাজত বাইক আৰোহীয়ে মইমতালি তথা উদ্ভণ্ডালি কৰিবলৈ সুবিধা লাভ কৰিছে, তাক লৈ আচৰ্য প্ৰকাশ কৰিছে ভুক্তভোগী জনসাধাৰণে।

Related Articles

Leave a Reply

Close