অসম

বৈঠালাংছ’ৰ বনাঞ্চলত কেম্প পাতি চোৰাং কাঠৰ বেহা চলাইছে অসাধু চক্ৰই

প্ৰথম খবৰ, বৈঠালাংছ’: বৰাপানী সংৰক্ষিত বনাঞ্চলখন চোৰাং কাঠ ব্যৱসায়ীয়ে সম্পূৰ্ণভাৱে ধ্বংস কৰাৰ পাছত এইবাৰ কাঠ চোৰৰ দলটোৱে আমটেৰেং বনাঞ্চলত চকু দিছে। বহু মূল্যৱান গছ কাটি বৰপানী নৈৰ বুকুৱেদি নাৱৰ সহায়ত নগাঁও জিলাৰ বিভিন্ন স্থানলৈ সৰবৰাহ কৰি আহিছে।

কালি নিশা বৈঠালাংছ’ উপ সংমণ্ডলৰ বিষয়া হেমাৰি টেৰণে এক গোপন তথ্যৰ ভিত্তিত ফৰেষ্ট গাৰ্ড চিত্ৰে চেত্ৰীক লগত লৈ সাহসেৰে আমটেৰেং বনাঞ্চলত অভিযান চলায়। এই অভিযানকালত ৰকলাংছ’ বনাঞ্চলৰ ভিতৰত চোৰাং কাঠ ব্যৱসায়ীৰ এটা বৃহৎ কেম্পৰ অৱস্থিতি উদ্ধাৰ কৰে।

বন বিভাগৰ অভিযানৰ বিষয়ে উমান পাই কেম্পৰপৰা আনুমানিক ৮-৯ জনীয়া দলটোৱে পলাই সাৰে যদিও অভিযানকাৰী বিষয়া-কৰ্মীদ্বয়ে ঠেলা, কৰত, দা-কুঠাৰ আদি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

সমান্তৰালভাৱে দলটোৱে বৰপানী নৈৰ আমটেৰেং ঘাটৰপৰা কাঠৰ কুণ্ডাসহ এখন নাও জব্দ কৰিবলৈ সক্ষম হয়। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি একাংশ মুনাফালোভী বনকৰ্মীৰ সহযোগত বিগত ২-৩ বছৰ ধৰি ৰমৰমীয়া চোৰাং ব্যৱসায় চলি আহিছে।

Related Articles

Leave a Reply

Close