অসম

অংগনাবাড়ী কৰ্মীৰ দুৰ্নীতিত উত্তাল পৰিৱেশ

প্ৰথম খবৰ, লাহৰীঘাট: মৰিগাঁও জিলাৰ মৈৰাবাৰী সংহত শিশু উন্নয়ন প্ৰকল্প ১৯৮ নং পশ্চিম শলমাৰী অংগনবাড়ী কেন্দ্ৰত সংঘটিত হোৱা ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে গাঁওখনৰ পুৰুষ মহিলাৰ প্ৰতিবাদ।প্ৰতিবাদত কেন্দ্ৰতো অনিদিষ্ট কাললৈ তলা বন্ধ কাৰ্যসূচী ৰুপায়ন।

মৈৰাবাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত ১৯৮ নং পশ্চিম শলমাৰী কেন্দ্ৰত কৰ্মী নিযুক্তিৰ নামত সংঘটিত হৈছে এক ব্যাপক দূৰ্নীতি। প্ৰকল্পটোৰ চি ডি পি অ ৰুবুল শৰ্মাই ন্যায়ালয়ৰ নিৰ্দ্দেশ অৱমাননা কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। উল্লেখ্য যে, পশ্চিম শলমাৰী অংগনবাড়ী কেন্দ্ৰটোৰ স্বাহিদা বেগম নামৰ কৰ্মী গৰাকীৰ মৃত্যু হৈছিল ২০১০ চনত। তাৰ পাছতে চৰকাৰী নিয়ম অনুসৰি বাৰ গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰিছিল কেন্দ্ৰটোৰ খালী হৈ থকা পদটোৰ বাবে। কিন্তু ইয়াৰ বিপৰিতে চি ডি পি অ গৰাকীয়ে নিজৰ পছন্দৰ মৰ্মে আৰু ধনৰ লেনা-দেনাৰে ছাৰ্ভে এলেকাৰ বাহিৰৰ পৰা মমতাজ বেগম নামৰ অন্য এটা কেন্দ্ৰৰ সহকৰ্মী এগৰাকীক নিযুক্তি দিছিল সেই খালী হৈ থকা পদটোত। তাৰ পাছতে স্থানীয় এগৰাকী প্ৰাৰ্থীয়ে চিডিপিঅ জনৰ বিৰুদ্ধে গোচৰ তৰিছিল ন্যায়ালয়ত। গোচৰৰ মৰ্মে দিহা হৈছিল অবৈধভাৱে চিডিপিঅ য়ে নিযুক্তি দিয়া মমতাজক অংগনবাড়ী কেন্দ্ৰটিৰ পৰা নাকচ কৰে। কিন্তু সেই ন্যায়ালয়ৰ নিৰ্দ্দেশকো অৱমাননা কৰিছিল চি ডিপিঅ ৰুবুল শৰ্মাই। যাৰ বাবে আজি স্থানীয় ৰাইজে চিডিপিঅ গৰাকীৰ ওপৰত অতিস্ত হৈ প্ৰতিবাদ কৰি অনিদ্দিষ্ট কাললৈ  তলা লগাই অংগনবাড়ী কেন্দ্ৰটোত।

Related Articles

Leave a Reply

Close