অসম

অনা-অসমীয়া বণিয়াক মাটি বিক্ৰী কৰিবলৈ দিয়া নহ’ব:অসম প্ৰেমী যুৱ সমাজ

প্ৰথম খবৰ ,জাঁজী: যোৰহাট জিলাৰ টীয়ক ৰাজহ চক্ৰৰ বৃহৎ পৰিমাণৰ কৃষি ভূমি খিলঞ্জীয়া দুখীয়া কৃষকক উচ্ছেদ কৰি অনা অসমীয়া বণিয়াই বিক্ৰীৰ ষড়যন্ত্র কৰা কাৰ্য্যত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে অসম প্ৰেমী যুৱ সমাজ,অসমে।  সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি মনোজ গগৈয়ে সংবাদ মাধ্যমলৈ আজি প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত কয় যে কোনো কাৰণতে থলুৱা কৃষকক বঞ্চিত কৰি অনা- অসমীয়া বণিয়াক কৃষিভূমি বিক্ৰী কৰিবলৈ দিয়া নহ’ব। উল্লেখ্য যে টীয়ক ৰাজহ চক্ৰৰ অধীনৰ গাখীৰ খোৱা মৌজাৰ চপানী হাবি গাঁৱৰ ১০৪ বিঘা ২ কঠা ১২ লেচা মাটিত বিগত ৫০ বছৰ ধৰি স্থানীয় ৰাইজে মাটিৰ মালিকৰ অনুমতি সাপেক্ষে খেতি কৰি আহিছিল। কিন্তু এতিয়া এটা ব্যৱসায়ী পৰিয়ালে উক্ত ভূমিৰ আমোক্তা নামা লৈ স্থানীয় কৃষকৰ পৰা মাটিৰ অধিকাৰ কাঢ়ি বিক্ৰী কৰিবলৈ উঠি পৰি লাগিছে। অসম প্ৰেমী যুৱ সমাজে ব্যৱসায়ী পৰিয়ালটোৰ এনে কাৰ্যক গৰিহণা দিছে আৰু মাটিৰ প্রকৃত মালিকক মাটি খিনি স্থানীয় ৰাইজক বিক্ৰী কৰিবলৈ দাবী জনাইছে ।

Related Articles

Leave a Reply

Close