অসম

অনুপ চেতিয়াই পৰিদৰ্শন কৰিলে বগলীজানৰ বান ক্ষতিগ্ৰস্ত অঞ্চল

প্ৰথম খবৰ, লখিমপুৰ: আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই লখিমপুৰ জিলাৰ বগলীজানত ৰঙানদীৰ ভগ্ন মথাউৰি আৰু বানবিধস্ত অঞ্চল সমূহ পৰিদৰ্শন কৰি বন্যাক্ৰান্ত ৰাইজৰে মতবিনিময় কৰে ৷ তেখেতে লগতে প্ৰাক্তন আলফা ঐক্যমঞ্চ, অসম আৰু অসম ড্ৰাগচ্ ডিলাৰ এচচিয়েচনৰ যৌথ উদ্যোগত গুৱাহাটীৰ হায়াট হস্পিটেল আৰু প্ৰাক্তন আলফা ঐক্যমঞ্চ, অসমৰ লখিমপুৰ জিলা সমিতিৰ সহযোগত বগলীজানত আয়োজন কৰা এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰো মুকলি কৰে ৷ ৰঙানদীৰ বান বিধস্ত অঞ্চল ভ্ৰমণৰ সময়ত তেখেতে আজিৰ তথ্য প্ৰযুক্তিৰ দিনত দুদিনতে ৰঙানদীৰ ভগ্ন মথাউৰি নিৰ্মাণ কৰিব পৰা যায় যদিও চৰকাৰৰ সদিচ্ছাহীনতাৰ বাবেই এমাহ উকলি যোৱাৰ পাছতো মথাউৰিৰ নিৰ্মাণ হোৱা নাই বুলি অভিযোগ কৰে ৷ প্ৰাক্তন আলফা ঐক্যমঞ্চ, অসমৰ সভাপতি কল্পজ্যোতি নেওঁগ, আলফাৰ লেফটেনেণ্ট প্ৰাণজিত শইকীয়াও উপস্থিত থাকে ৷

Related Articles

Leave a Reply

Close