অসম

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ দুখন সমান্তৰাল সমিতি পৰস্পৰে পৰস্পৰক অবৈধ ঘোষণা 

প্ৰথম খবৰ, লিডু: যিটো সময়ত ৰাজ্যত বান সমস্যাই সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰিছে, দীনদয়াল উপাধ্যায়ৰ নামত মহাবিদ্যালয় স্থাপন, হিন্দু বাংলাদেশীৰ নাগৰিকত্ব, নগাঁও কাণ্ড আদিকলৈ ৰাজ্যজুৰি বিতৰ্ক চলিছে সেই সময়ত অসমৰ অন্যতম এটা জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ পৰিষদৰ দুটা লবীৰ মাজত চলিছে বোকা ছটিওঁৱা – ছটিৰ খেল। সংগঠনটোৰ দুখনকৈ তিনিচুকীয়া জিলা সমিতিয়ে কাৰ্যনিৰ্বাহ কৰি আছে। পৰস্পৰে পৰস্পৰক অবৈধ অবৈধ আখ্যা দিয়াত ব্যস্ত।

সংগঠনটোৰ কেন্দ্ৰীয় সম্পাদক বুলি পৰিচয় দি উদয়ন কুমাৰ গগৈয়ে অৱনী চলিহা আৰু সোভন দাস নেতৃত্বাধীন তিনিচুকীয়া জিলা সমিতিখন অবৈধ বুলি সংবাদ মাধ্যমৰ যোগে প্ৰকাশ কৰাৰ পাছত আজি এক প্ৰেছ বাৰ্তাৰ জড়িয়তে সংগঠনটোৰ কেন্দ্ৰীয় উপ সভাপতি আৰু জিলা সভাপতি অৱনী চলিহা আৰু জিলা সাধাৰণ সম্পাদক সোভন দাসে উভটি ধৰি উদয়ন কুমাৰ গগৈ কোন বুলি প্ৰশ্ন কৰিছে। নেতাদ্বয়ে উদয়ন কুমাৰ গগৈ বিভিন্ন অভিযোগৰ বাবে সংগঠনৰ পৰা বহিষ্কৃত হোৱা বুলি উল্লেখ কৰি বিভিন্ন জাতীয় সংগঠনক আভুৱা ভাৰি ডিব্ৰুগড়ত অনবৰত ধন সংগ্ৰহত ব্যস্ত। অসমৰ ভূমি বহিৰাগতক বিক্ৰী কৰি কমিছন খোৱাৰ লগতে নাৰ্চিং হোমত হানি টেপিংত জড়িত থকাৰ অভিযোগত অভিযুক্ত উদয়ন কুমাৰ গগৈয়ে স্বয়ম্ভূ সম্পাদক হৈ এখন বৈধ সমিতিক অবৈধ কৰাৰ কৰ্তৃত্ব নাই বুলি প্ৰকাশ কৰিছে। সংগঠনটোৱে ২০১৪ চনৰ ২ জুলাইত অনুষ্ঠিত সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত প্ৰৱন্ঞ্চনাৰ গোচৰত অভিযুক্ত উদয়ন কুমাৰ গগৈক বহিষ্কাৰ কৰাৰ কথাওঁ প্ৰেছ বাৰ্তাত প্ৰকাশ কৰি ভৱিষ্যত সময়ত এনে দৰে সংগঠনৰ মজিয়া ব্যৱহাৰ নকৰিবলৈ সকীয়াই দিছে।

গুৰুত্বপূৰ্ণ কথা নগাঁও কাণ্ডৰ প্ৰতিবাদত এখন জিলা সমিতিয়ে মাৰ্ঘেৰিটা মহকুমা বন্ধ ঘোষণা কৰাৰ পাছত আন এখন জিলা সমিতিয়ে বিৰোধিতা কৰিছিল। যাৰ ফলত চূড়ান্তভাৱে ব্যৰ্থ হৈছিল উক্ত বন্ধ কাৰ্যসূচী।

Related Articles

Leave a Reply

Close