অসম

অৰুণাচলৰ প্ৰশাসনিক বিষয়াৰ ঘৰৰ পৰা ৰহস্যজনকভাৱে হেৰাল অসমৰ পৰা নিয়া বন কৰা কিশোৰী : এবছৰে গুৰুত্ব নিদিলে হেলেম আৰক্ষীয়ে

প্ৰথম খবৰ, বিশ্বনাথ চাৰিআলি: বহি: ৰাজ্যত কৰ্মৰত অসমীয়া শ্ৰমিকৰ মৃত্যু বা সন্ধানহীনতা কোনো নতুন কথা নহয়। চুবুৰীয়া ৰাজ্য অৰুণাচলৰ সম্ভ্ৰান্ত ব্যক্তিসকলে কেইটামান টকাৰ লোভ দেখুৱাই অসমৰ দৰিদ্ৰ আদিবাসী পৰিয়ালৰ কণ কণ শিশু সকলক নিজৰ ঘৰত কামকৰা বনুৱা হিচাবে ৰখাটোও সৰ্বজনবিদিত। কোনো চৰকাৰী বিভাগে এইসকলক উদ্ধাৰৰ প্ৰচেষ্টা চলোৱা নাই আজোকোপতি। এনেকৈ লৈ যোৱা শিশুসকলৰ ওপৰত অৰুণাচলী মালিকসকলে অমানুষিক শাৰীৰিক তথা মানসিক অত্যাচাৰ চলোৱাৰ কথাও শুনিবলৈ পোৱা যায়। এইসকল শিশু অৰুণাচলৰ মালিকৰ ক্ৰীতদাস স্বৰূপ হৈ পৰে আৰু অৰুণাচলীৰ অন্তৰত এই ক্ৰীতদাস সকলৰ বাবে নাথাকে সামান্যতমো অনুকম্পা।

শেহতীয়াকৈ বিশ্বনাথৰ ডফলাগড় চাহ বাগিছাৰ গাঢ়ালাইনৰ থমাছ মুণ্ডাৰ ১৩ বছৰীয়া কন্যা মিনা মুণ্ডা অৰুণাছল বালিজানৰ এজন প্ৰশাসনিক বিষয়াৰ ঘৰত কৰ্মৰত অৱস্থাৰ পৰা এবছৰ ধৰি নিৰুদ্দেশ হৈ থকা বিষয়টোৱে এই কথাকে সত্য প্ৰমাণ কৰিছে। অৰুণাচল বালিজানৰ লেখত ল’বলগীয়া প্ৰশাসনিক বিষয়া ‘মিন্দ্ লই’ ৰ ঘৰত কৰ্মৰত কণমানি মিনা নিৰুদ্দেশ হোৱা সন্দৰ্ভত সোধা পোছা কৰিবলৈ যাওঁতে মিন্দ্ লয়ে প্ৰথম অৱস্থাত পিতৃ থমাচক মিনাক বিছাৰি দিম বুলি কয় যদিও দিন বাগৰাৰ লগে লগে গালি শপনিহে পৰা আৰম্ভ কৰে। ফলত থমাছে নিজৰ খেতিৰ মাটি বেছি সেই ধনেৰে অৰুণাছলৰ বিভিন্ন থাইত মিনাক সন্ধান কৰে যদিও ব্যৰ্থ হয়।

উল্লেখ্য যে, মিন্দ লয়ৰ ঘৰত অত্যাচাৰ সহিব নোৱাৰি এবাৰ ঘৰলৈ বুলি মনে মনে গুচি অহা মিনাক পুনৰ জোৰ কৰি লৈ যায় মিন্দ লয়ৰ পৰিয়ালে। আনহাতে নিৰুপায় পিতৃ থমাছে সমগ্র বিষয়টো হেলেম আৰক্ষীক অৱগত কৰে যদিও হেলেম আৰক্ষীয়েও বিষয়টোৰ প্ৰতি নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰে। আনকি হেলেম আৰক্ষীয়ে অৰুণাচল বালিজানৰ প্ৰশাসনিক বিষয়া মিন্দ লয়ক এবাৰ সোধা পোছাও নকৰিলে বুলি আক্ষেপ পিতৃ-মাতৃৰ। ইফালে হেলেম আৰক্ষীৰ এই হেমাহিৰ বিৰুদ্ধে গৰ্জি উথিছে দল সংগঠন। শীঘ্ৰে মিনাৰ সন্ধান উলিয়াব নোৱাৰিলে আন্দোলনৰ হুংকাৰ দিছে দল সংগঠনে। এতিয়া প্ৰশ্ন হৈছে এতিয়াও জীৱিত অৱস্থাত আছেনে মিনা ? হেলেম আৰক্ষীৰ সাহস হ’বনে অৰুণাচলৰ বিষয়া মিন্দ্ লয়ক তদন্তৰ আওঁতালৈ আনিবলৈ ?

 

Related Articles

Leave a Reply

Close