অসম

অৱসৰপ্ৰাপ্ত শিক্ষক-সমাজকৰ্মী হেমকান্ত শৰ্মাৰ মৃত্যু, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান দল-সংগঠনৰ শোক

প্ৰথম খবৰ, ধলপুৰ: লখিমপুৰ জিলাৰ ধলপুৰৰ নিৱাসী অৱসৰ প্ৰাপ্ত শিক্ষক তথা বিশিষ্ট সমাজ কৰ্মী হেমকান্ত শৰ্মা (৭০) ৰ মৃত্যুত ধলপুৰ অঞ্চল এক শোকৰ ছাঁ পৰিছে৷ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত শৰ্মা মধুমেহ ৰোগত আক্ৰান্ত হৈ যোৱা ২০ জুলাই পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু জি এন আৰ চিত চিকিৎসাধীন হৈ আছিল৷ শৰ্মাৰ স্বাস্থ্যৰ অধিক অৱনতি হোৱাত জি এন আৰ চিৰ পৰা ঘৰলৈ আনি থকা অৱস্থাত ৪ আগষ্টৰ সন্ধ্যা ৬:৪৫ মান বজাত বিশ্বনাথৰ লাহৰীজানৰ সমীপৰ পথত মৃত্যু হয়৷ মৃত্যুৰ সময়লৈকে ধলপুৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ সম্পাদকৰ দায়িত্বত থকাৰ লগতে ধলপুৰ জ্যেষ্ঠ নাগৰিক সন্থা, ধলপুৰ শাখা সাহিত্য সভা, ধলপুৰ উন্নয়ন সমিতি আদিৰ লগত বিশেষভাৱে জড়িত আছিল৷ ১৯৪৭ চনৰ ১ মাৰ্চত জন্ম গ্ৰহণ কৰা শৰ্মাই ধলপুৰ প্ৰাথমিক বিদ্যালয়ত ১৯৭২ চনৰ ২৮ নবেম্বৰ শিক্ষক হিচাপে যোগদান কৰি বাঘৰ গাঁও প্ৰাথমিক বিদ্যালয় আৰু গনকদলনি প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা হিচাবে শিক্ষা সেৱাত ব্ৰতী হৈ গনকদলনি প্ৰাথমিক বিদ্যালয়ৰ পৰা ২০০৬ চনৰ ২৮ ফেব্ৰুৱাৰীত অৱসৰ গ্ৰহণ কৰে৷ ১৪২৩ ভাস্কৰাব্দত অসম সাহিত্য সভাই বিশিষ্ট সমাজ কৰ্মী শৰ্মাক সম্বৰ্ধনা জনাই। কালি শৰ্মাৰ মৃতদেহ ধলপুৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনলৈ নিয়া হয় আৰু শিক্ষানুষ্ঠানখনৰ কৰ্তৃপক্ষই সম্পাদকগৰাকীক শেষ শ্ৰদ্ধা নিবেদন কৰে৷ ইয়াৰ পাছতে শৰ্মাৰ গৃহত উপস্থিত হৈ দল সংগঠন সমুহে শ্ৰদ্ধা জনাই৷ ধলপুৰ শাখা সাহিত্য সভাৰ সহকাৰী সম্পাদক মনোজ কুমাৰ দাসে আঁত ধৰা শ্ৰদ্ধাঞ্জলী নিবেদন কাৰ্যসূচিত ধলপুৰ শাখা সাহিত্য সভা, ধলপুৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ কৰ্তৃপক্ষ, উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ সন্থা, ধলপুৰ প্ৰেছ ক্লাৱ, গ্ৰাম্য পুথি ভঁড়াল সন্থা আদিয়ে সমাজ কৰ্মী শৰ্মাৰ শেষ শ্ৰদ্ধা নিবেদন কৰে৷ উল্লেখ্য যে, অৱসৰ প্ৰাপ্ত শিক্ষক-সমাজ কৰ্মী গৰাকীৰ মৃত্যুত আজি স্থানীয় বিদ্যালয়সমুহত শোক সভা পালন কৰি শোক সন্তাপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। মৃত্যৰ সময়ত লোকজনে পত্নী সহ দুই পুত্ৰ -বোৱাৰী, এক কন্যা আৰু নাতি-নাতিনী সহ গুনমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়৷

Related Articles

Leave a Reply

Close