অসম

ওদালগুৰিৰ ইক্ৰাবৰী আৰক্ষী চকী ঘেৰাও

প্ৰথম খবৰ,ওদালগুৰি: ওদালগুৰি জিলাৰ ইক্ৰাবৰী আৰক্ষী চকী ঘেৰাও কৰিলে ৰাইজে। আৰক্ষী সুত্ৰে প্ৰকাশ কৰা মতে, এক তথ্যৰ ভিত্তিত ওদালগুৰি আৰক্ষীয়ে ইক্ৰবাৰীৰ জয়নাল আৱেদিন আৰু জবেদ আলীক যোৱা নিশা আটক কৰে। উক্ত কাৰ্য আৰক্ষীৰ ষড়যন্ত্ৰ আখ্যা দি স্থানীয় ৰাইজে আজি ইক্ৰবাৰী আৰক্ষী চকী ঘেৰাও কৰি পৰিৱেশ উত্তাল কৰি তোলে। দুয়োজন নিৰিহ ব্যক্তিক বিনাচৰ্তে মুকলি কৰি নিদিয়া পৰ্যন্ত আৰক্ষী চকী এৰি দিয়া নাযায় বুলি সকীয়াই দিয়ে।

Related Articles

Leave a Reply

Close